মৰিগাঁও তিৱাসংগঠনৰ প্ৰতিবাদ…

1 min read

এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল হ’ল মৰিগাঁও। মৰিগাঁও বিধানসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষণৰ দাবীৰে সদৌ অসম তিৱা ছাত্ৰ সন্থাই উত্তাল কৰিলে মৰিগাঁৱৰ ৰাজপথ।মৰিগাঁও চহৰৰ জাগীৰোড- মৰিগাঁও সংযোগী পথত টায়াৰ জ্বলাই সাব্যস্ত কৰিলে প্ৰতিবাদ।তেঁওলোকে উল্লেখ কৰি ক’লে যে মৰিগাঁও বিধানসভা সমষ্টিটো তিৱা জনজাতীয় সমষ্টি।আৰু পূৰ্বতে যিহেতু এই চৰকাৰখনে খিলঞ্জীয়াৰ সুৰক্ষিত স্বাৰ্থৰ বাবে কাম কৰিব তেনে স্থলত মৰিগাঁও সমষ্টিটো জনজাতীয় লোকৰ বাবে সংৰক্ষণ নকৰাটো এক পৰিতাপৰ বিষয়।আজিৰ এই প্ৰতিবাদৰ জৰিয়তে তেঁওলোকে চৰকাৰৰ ওচৰত এই সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰে।উল্লেখযোগ্য যে প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়।

মৰিগাঁৱৰ পৰা মনোৰঞ্জন মহন্ত
   

You May Also Like

More From Author