নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

1 min read

নিউজ ব্যুৰ’,নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি কৰা হয় এখন ৰিজ’ৰ্ট ৷ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামীৰ উদ্যোগত মৰিগাঁও টাউনৰ পৰা ৮ কিল’মিটাৰ নিলগত গঢ় লৈ উঠা ৰিজ’ৰ্টখন হৈছে “অগৌৰা ৰিজৰ্ট”। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ফিটা কাটি ৰিজ’ৰ্টখন আনুষ্ঠানিকভাবে মুকলি কৰে ৷
ৰিজ’ৰ্টখনৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে মোৰ সমষ্টিৰ সকলো ক্ষেত্ৰতে মই উন্নয়ন বিচাৰোঁ । আমাৰ এই পিছপৰা বৰভগীয়াত অঞ্চলটোত এখন উন্নত মানৰ ৰিজ’ৰ্ট বা হোটেলৰ অভাৱ আছিল। আজি জনপ্ৰিয় চিকিৎসক অজিত গোস্বামীয়ে এই অভাৱটো পূৰণ কৰিলে। মই তেখেতৰ সপোন দিঠকত পৰিণত হোৱাটো কামনা কৰিছোঁ । সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত নাগাৰা নামৰ জনপ্ৰিয় শিল্পী কৰিশ্মা নাথৰ নাগাৰা নামৰ অনুষ্ঠান,বিহু নৃত্য আদি অনুষ্ঠান সহস্ৰাধিক লোকে উপভোগ কৰে । “অগৌৰা ৰিজৰ্ট” মুকলি অনুষ্ঠানটিতে অঞ্চলটোলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গৌৰৱ কঢ়িয়াই অনা ৪গৰাকী ছাত্ৰক গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত সমাজকৰ্মী জোনালী গোস্বামী,অংকুৰ কলিতাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
বৰভগীয়া গাঁৱৰ মুকলি পথাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নৈসৰ্গিক পৰিবেশত “অগৌৰা ৰিজ’ৰ্ট”খনিৰ মুকলি অনুষ্ঠান উপলক্ষে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author