নগাঁৱত “ক্ৰান্তিকাল প্ৰকাশন” পাঁচখন গ্ৰন্থ উন্মোচন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১১জুন:–নগাঁৱৰ অন্যতম প্ৰকাশন গোষ্ঠী “ক্ৰান্তিকাল প্ৰকাশন” গোষ্ঠীৰ ৰূপালী জয়ন্তী আৰু অজন্তা প্ৰেছৰ স্বৰ্ণজয়ন্তী উপলক্ষে ৰবিবাৰে প্ৰকাশন গোষ্ঠীটোৱে প্ৰকাশ কৰি উলিওৱা ৫খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । এই উপলক্ষে নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী তোদী ভৱনত আয়োজিত অনুষ্ঠানত লেখক অশোক কুমাৰ শৰ্মা শাস্ত্ৰীৰ “বেদতত্ব”গ্ৰন্থখন যজ্ঞপতি শৰ্মা শাস্ত্ৰীয়ে,অনিতা লস্কৰৰ “প্ৰৱন্ধজ্যোতি” আৰু মায়া তালুকদাৰৰ “প্ৰাণৰ পুতলী” মোহিনী মোহন ডেকাই, দুলুমণি শইকীয়াৰ “ৰঙা-ঘোঁৰা” পৰাণ কুমাৰ বৰুৱাই তথা মণ্টুল কুমাৰ শৰ্মাৰ “এজন ঈশ্বৰৰ সন্ধানত” যুগল চন্দ্ৰ দেৱগোস্বামীয়ে উন্মোচন কৰে । বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ নাথ গায়নৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্য- সমালোচক অৰিন্দম বৰকটকীয়ে অসমৰ ভাষা-সাহিত্য জগতত নগাঁৱৰ অৱদানৰ বিষয়ে উল্লেখ কৰি কয় যে আনন্দৰাম ৰাম ঢেকিয়াল ফুকনৰ পৰা আৰম্ভ কৰি গুণাভিৰাম বৰুৱা,স্বৰ্ণলতা বৰুৱা আদিৰ লগতে স্বাধীনোত্তৰ কালত নৱকান্ত বৰুৱা,হীৰেণ ভট্টাচাৰ্য, মহিম বৰা,অপূৰ্ব শৰ্মা,অপূৰ্ব শইকীয়া, মনোজ কুমাৰ গোস্বামী,শিৱানন্দ কাকতি প্ৰমুখ্যে নগঞা সাহিত্যিকসকলে অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে । বৰকটকীয়ে লগতে কয় যে বৰ্তমান সময়তো নগাঁৱত গল্প সাহিত্যৰ এটা বিশেষ ভূমিকা আছে । ইয়াৰ বাস্তৱ ছবিখন লক্ষীনন্দন বৰা,মহিম বৰাৰ দৰে প্ৰখ্যাত গল্পকাৰে তুলি ধৰিছে ।

পুৰণিগুদাম অঞ্চলৰ সাউদ ভোলানাথ বৰুৱাই জাতিটোৰ বাবে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি সাহিত্য- সমালোচক বৰকটকীয়ে সাউদ ভোলানাথ বৰুৱাক লগ নোপোৱাহেতেন সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসুবিধাৰ সন্মুখীন হ’লহেতেন বুলি মন্তব্য আগবঢ়ায় । আনহাতে ক্ৰান্তিকাল প্ৰকাশনৰ অৱদানৰ বিষয়ে উল্লেখ কৰি বৰকটকীয়ে অসমৰ প্ৰতিখন ঠাইৰে লেখকসকলক “ক্ৰান্তিকাল প্ৰকাশন”ৰ স্বত্বাধিকাৰী কৈলাশ ৰাজখোৱাই দাঙি ধৰা বুলি উল্লেখ কৰে । সমালোচক বৰকটকীয়ে কৈলাশ ৰাজখোৱাক ভোলানাথ বৰুৱাৰ লগত তুলনা কৰে । লেখকসকলে লেখা-মেলা কৰাটো চখ বুলি নাভাবি জাতীয় দায়বদ্ধতা আৰু দৃঢ়তাৰে লেখা-মেলা কৰিবলৈ বৰকটকীয়ে অসমৰ লেখক সকলক আহ্বান জনায় । প্ৰাঞ্জল মহন্তই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে কৈলাস ৰাজখোৱাই । ভাষণত ৰাজখোৱাই অজন্তা প্ৰেছ আৰু ক্ৰান্তিকাল প্ৰকাশনৰ ইতিহাস দোহাৰি প্ৰকাশন গোষ্ঠীটোৰ প্ৰতি সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিক কৃতজ্ঞতা প্ৰকাশ কৰে । অনুষ্ঠানৰ আৰম্ভণিতে কৈলাস ৰাজখোৱাৰ পিতৃ তথা অজন্তা প্ৰেছৰ প্ৰতিষ্ঠাপক প্ৰয়াত শিৱকান্ত ৰাজখোৱা আৰু মাতৃ প্ৰয়াত ফুলমাই ৰাজখোৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলেনেৰ শ্ৰদ্ধা নিবেদন কৰা হয়। অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্ত,বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু গ্ৰন্থপ্ৰেমী উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author