উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত আঠজনীয়া দল কলিয়াবৰত উপস্থিত

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৫জুন:– আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন ন তথ্য চৰ্চালৈ অহাৰ সময়তে নগাঁও জিলাৰ কলিয়াবৰত বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হ’ল চি বি আইৰ এটা আঠজনীয়া দল । চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত তদন্তকাৰী দলটো গুৱাহাটীৰ পৰা বিয়লি জখলাবন্ধাত উপস্থিত হয়হি । তদন্তকাৰী দলটো কলিয়াবৰৰ সমীপৰ সৰুভগীয়াত জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাস্থলী পৰ্যৱেক্ষণ কৰে । ইয়াৰ লগে লগে জোনমণি ৰাভাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত প্ৰথম উপস্থিত হোৱা জখলাবন্ধা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক জাকাৰীয়া চৌধুৰীৰ লগতো ডি আই জি লাভলী কাটিয়াৰা কথোপকথনত মিলিত হয় । দুৰ্ঘটনাস্থলীৰ পৰা আৰক্ষী থানাৰ দূৰত্ব কিমান, হস্পিটেলৰ দূৰত্ব কিমান, জোনমণি ৰাভাৰ মৃতদেহটো হস্পিটেললৈ কি বাহনত নিয়া হৈছিল, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিমান সময়ৰ ভিতৰত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল,সেই সময়ত কিমান লোক উপস্থিত আছিল আদি সকলোবোৰ কথা তন্নতন্নকৈ আৰক্ষী বিষয়াগৰাকীক সোধা-পোছা কৰে ।

ইয়াৰ পাছতে তদন্তকাৰী দলটো জখলাবন্ধা আৰক্ষী নিৱেশলৈ ৰাওনা হয় । ইয়াৰ পিছতে জখলাবন্ধা থানাৰ সন্মুখত পৰিত্যক্ত অৱস্থাত থকা দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন তন্ন তন্নকৈ পৰীক্ষা কৰে তদন্তকাৰী চি বি আইৰ দলটোৱে ৷ উল্লেখযোগ্য যে,আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ৰুজু কৰা ৮৪/২৩ নম্বৰৰ নিজাববীয়া গোচৰটোৰ লগতে জোনমণিৰ মাতৃয়ে জখলাবন্ধা থানাত দাখিল কৰা ৮৭/২০২৩ নম্বৰৰ গোচৰ দুটাৰো চি বি আইয়ে তদন্ত কৰিব বুলি জানিব পৰা গৈছে । অৱশ্যে চি বি আইৰ তদন্তত জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব নে নাই,সেয়া সময়তহে স্পষ্ট হ’ব । আনহাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰা মতে চি বি আইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ৪ টা গোচৰৰ তদন্ত কৰিব । সোমবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে দিল্লীত চি বি আইৰ শীৰ্ষ বিষয়াসকলৰ সৈতে জোনমণিৰ মৃত্যুৰ প্ৰসংগক লৈ আলোচনাত মিলিত হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ ডিপার্টমেন্ট অৱ পাৰ্চনেল ট্ৰেইনিঙে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটোৰ চি বি আয়ে তদন্ত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। নিৰ্দেশনাটোত চি বি আয়ে তদন্তত জোনমণি ৰাভাৰ মৃত্যুৰ সংক্ৰান্তত ৰুজু হোৱা ৪ টা গোচৰক সামৰি ল’ব বুলিও সদৰী কৰা হয়। উল্লেখ্য যে আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ যোৱা ১৫ মে’ৰ নিশা কলিয়াবৰৰ সমীপৰ সৰুভগীয়াৰ শ্ৰী শ্ৰী শিপহা সত্ৰৰ সমুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰক্ষী বিষয়াগৰাকীৰ ৷ দুৰ্ঘটনাত মৃত‍্যু হোৱাক কেন্দ্ৰ কৰি বিভিন্ন মহলত উত্থাপিত সন্দেহ আৰু অভিযোগৰ পাছতেই বিষয়টো অপৰাধ অনুসন্ধান শাখাক অৰ্পণ কৰা হৈছিল ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author