লাকুৱাৰ ONGC ঠিকাভিত্তিত কৰ্মৰত শ্ৰমিকক বঞ্চনা ONGCৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ।

1 min read

 

মধ্যভোগী হিচাবে থিয় দিছে একাংশ ভেৰুনীয়া দল-সংগঠনৰ নেতাই।
অ’এনজিচিত দল-সংগঠনৰ নেতাৰ গুণ্ডাৰাজ।আন্দোলনৰ সকীয়নি শ্ৰমিক সংগঠনৰ ৷

অ’এনজিচি এ নিবিদা আহ্বানৰ যোগেদি বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা নিয়োজিত কৰা ঠিকাভিত্তিক কৰ্মৰত শ্ৰমিকসকলক নিজৰ প্ৰাপ্য মজুৰিৰ প্ৰদান কৰাৰ ক্ষেত্ৰত দশক দশক ধৰি বঞ্চিত কৰি অহাৰ অভিযোগ উঠিছে। লাকুৱাত অ’এনজিচিত নিয়োজিত হৈ থকা ঠিকাভিত্তিক শ্ৰমিক সকলৰ উমৈহতীয়া সংগঠন ইউনাইটেড কনট্ৰেকচুৱেল ৱৰ্কাৰ্চ ইউনিয়নৰ লাকুৱা আঞ্চলিকৰ সমূহ সদস্যৰ উপস্থিতিত লাকুৱাৰ অ’এনজিচি কলনিত অনুস্থিত হয় এখন প্ৰতিবাদীসভা।এই প্ৰতিবাদী সভাত শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ উল্লেখ্য যে, অ’এনজিচিয়ে নিজৰ উৎপাদনী প্ৰক্ৰিয়া অব্যাহত ৰখাৰ স্বাৰ্থত ইয়াৰ বিভিন্ন শাখাসমূহত কিছুমান পঞ্জীভূক্ত ঠিকাদাৰী প্ৰতিষ্ঠানক নিবিদাৰ যোগেদি কামৰ দায়িত্ব অৰ্পণ কৰি আহিছে যদিও এনে প্ৰতিষ্ঠানসমূহে শ্ৰমিকৰ অজ্ঞতা আৰু অসংগঠিত দুৰ্বলতাৰ সুযোগলৈ শ্ৰম আইনৰ নিম্নতম মজুৰিৰ ধনকেইটাও প্ৰদান নকৰি ব্যাপক লুণ্ঠণ আৰু বঞ্চনা কৰাৰ ৰাজহুৱা অভিযোগ তুলিছে ৷ইয়াৰ উপৰিও এই সমগ্ৰ ঘটনাৰ মধ্যভোগী হিচাপে থিয় দিছে একাংশ দল-সংগঠনৰ ভেৰুনীয়া গুণ্ডা,দালালে।

অ’এনজিচিৰ অন্যতম উৎপাদনী এলেকা লাকুৱা, গেলেকী , উত্তৰ পৰীয়া তৈল ক্ষেত্ৰকে ধৰি আচাম এচেটত থকা স্কেপিং ইউনিট, চিভিল হাউচিং ডভিজন, ড্ৰিলিং, চাৰ্ফেচ, মাৰ্ড লেবাৰ, হাউচিং ডিভিজন, চি টি অ, কেটাৰিং, ম’বাইল পাম্পিং ইউনিট আদি বিভিন্ন শাখাত ৩০০০ ৰো অধিক ঠিকা শ্ৰমিক নিয়োজিত হৈ আছে।

বিভাগীয় নীতি-নিৰ্দেশনা মতে এনে একোজন শ্ৰমিকক দিব লগা ১৭,৮০০ টকাৰ বিপৰীতে মাত্ৰ ৭,০০০ টকাহে দি অহা বুলি শ্ৰমিকসকলে জানিবলৈ দিছে। এইক্ষেত্ৰতো শ্ৰমিকক মজুৰি প্ৰদানৰ বেলিকা ঠিকাদাৰী প্ৰতিষ্ঠানবিলাকে বৈষম্যমূলক নীতিলৈ কোনো শাখাত ১৪,০০০ টকালৈকে দিয়াৰ অভিযোগ উঠিছে। আনহাতে শ্ৰমিকৰ চাকৰিৰ নিৰাপত্তাৰ ক্ষেত্ৰত বাধ্যতামূলকভাৱে থাকিব লগা জি পি এফ, মেডিকেল, ই এচ আই, বোনাচ, চি পি এফ, চেফটি আদিৰ কোনো সা-সুবিধাও ঠিকাদাৰী প্ৰতিষ্ঠান বিলাকে আগবঢ়োৱা নাই।

ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতাৰিত শ্ৰমিকসকলে ইউনিয়নৰ এখন সভা লাকুৱাৰ অ’এনজিচি কলনিত অনুস্থিত কৰে। শ্ৰমিক নেতা পূৰ্ণকান্ত গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপেন চেতিয়াক সভাপতি, খগেন ৰাজকোঁৱৰক উপ-সভাপতি, যুগ ৰাজকোঁৱৰক সম্পাদক হিচাপে লৈ মুঠ ১৭ জনীয়া এখন কণ্টেকচুৱেল ৱকাৰ্চ ইউনিয়নৰ লাকুৱা আঞ্চলিক সমিতি গঠন কৰা হয়।

সভাত অ’এনজিচিৰ শ্ৰমিক সংগঠনৰ সম্পাদক সঞ্জীৱ বৰুৱা উপস্হিত থাকি শ্ৰমিকসমাজে প্ৰাপ্য আদায়ৰ যাৱতীয় ব্যৱস্হা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

You May Also Like

More From Author