North East State Karate Federation Of India নিজৰ পাৰদৰ্শিতাৰে উজ্জ্বলি উঠিল নাজিৰাৰ সন্তান

1 min read



Assam State Karate Championship ৰ নেতৃত্বত গুৱাহাটী সৰুসজাইত অনুষ্ঠিত হোৱা North East Karate Federation Of India ত পাৰদৰ্শিতাৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হল মায়াশ্ৰা ফাৰজানা নামৰ এগৰাকী কণমানীয়ে । আশিহাৰা কেৰাটে ক্লাৱত প্ৰশিক্ষণ প্ৰাপ্ত মায়াশ্ৰা ফাৰজানাই পূৰ্বতেও IGF NATIONAL GAMES কে আদি কৰি বহু কেইটা প্ৰতিযোগিতাত কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । প্ৰশিক্ষক কুটুবুদ্দিন আহমেদৰ নেতৃত্বত পৰিচালিত আশিহাৰা কেৰাটে ক্লাবৰ পৰা পূৰ্বতেও কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা কেৰাটে প্ৰতিযোগিতাত বিভিন্ন পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

You May Also Like

More From Author