ৰঙিয়া: মাছ মাৰিবলৈ গৈ সলিল সমাধি যুৱকৰ

0 min read

ৰঙিয়াৰ ভাতকুছিত কৰুণ ঘটনা । মাছ মাৰিবলৈ গৈ সলিল সমাধি যুৱকৰ । মৃত যুৱকজন হৈছে ৰঙিয়াৰ সমীপৰ উদিয়ানাৰ আজিজুল হক ওৰফে অজিত (৩২) । জানিব পৰামতে সোমবাৰে ৰাতিপুৱা কেইগৰাকীমান বন্ধুৰ সৈতে ভাতকুছি জানত মাছ মাৰিবলৈ গৈছিল অজিতে । জানটোত কেইটামান কণী প্ৰত্যক্ষ কৰি আনিবলৈ যোৱাৰ লগে লগে পানীৰ তীব্ৰ সোঁতে বহু দুৰলৈ উটুৱাই লৈ যায় যুৱকজনক । তাৰ পিছতে এক আতংকময় পৰিবেশে বিৰাজ কৰে সমগ্ৰ অঞ্চল । লগে লগে খবৰ দিছে এছ ডি আৰ এফ বাহিনীক । এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত নোহোৱাত উদিয়ানাৰ একাংশ সাহসী ৰাইজে এফালৰ পৰা অভিযান চলাই ভাতকুছি জানত । বহু সময় ৰাইজে অভিযান চলায় অৱশেষত ৰুহুল আলীয়ে উদ্ধাৰ কৰে আজিজুল হকৰ মৃতদেহ । মৃতদেহ উদ্ধাৰৰ পিছতে এক শোকাকুল পৰিবেশ বিৰাজ কৰে সমগ্ৰ অঞ্চল । ইফালে মৃতদেহ উদ্ধাৰৰ পিছতহে ঘটনাস্থলীত উপস্থিত হয় এছ ডি আৰ এফ বাহিনী । যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজে । ইতিমধ্যে আৰক্ষীয়ে আজিজুলৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

You May Also Like

More From Author