প্ৰিয় পাঠকসকল, সোমাবাৰটো বহুত শুভদিন বুলি ধৰা হয়। বহু লোকে সোমবাৰৰ দিনা শিৱৰ ব্ৰতত থাকে। সেয়ে সোমবাৰৰ দিনতোত কেইটামান কথা মনত ৰাখিব লাগে, যদি আপুনি জানি- বুজি বা ভুলতেও এইসমূহ কাম সোমবাৰৰ দিনা কৰে তেতিয়া হ’ব পাৰে আপোনাৰ বৃহৎ ক্ষতি, মহাদেৱ অসন্তোষ্ট হ’ব বুলি ধৰা হয়। এনেই মহাদেৱ বহুত সহজ-সৰল হয়, অলপতে সন্তোষ্ট হৈ যায়। কিন্তু কিছুমান এনেকুৱা কথাও আছে যিবোৰ মহাদেৱে পচন্দ নকৰে। এতিয়া আপোনালোকক ক’ম সেইসমূহ কথা যি সমূহ মহাদেৱে পচন্দ নকৰে।
সোমবাৰৰ দিনা ৰাতিপুৱা শুই উঠিয়ে প্ৰথমে আমি গা ধুই মহাদেৱক স্মৰণ কৰোঁ। মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আমাৰ অসম্পূৰ্ণ কামবোৰ যাতে অতি সোনকালে সম্পূৰ্ণ হৈ উঠে, আমাৰ জীৱনৰ পৰা সমস্যা সমূহ আঁতৰাই ৰাখক। ভগৱানক সন্তোষ্ট কৰিবলৈ আমি নানান বিধি-বিধান, অৰ্চনা, পূজা-পাতল কৰোঁ যাতে আমাৰ সকলো মনোকামনা সোনকালেই পুৰ হয়।
আমাৰ শাস্ত্ৰত সপ্তাহৰ প্ৰতিটো দিন বেলেগ বেলেগ ভগৱানৰ নামত উচৰ্গিত- সোমাবাৰত শিৱৰ ব্ৰত ৰখা হয়, তেনেদৰে মংগল বাৰে হনুমানৰ, বুধবাৰে গণেশৰ, বৃহস্পতি বাৰে বিষ্ণু ভগৱানৰ, শুক্ৰবাৰে মা লক্ষ্মীৰ, শনিবাৰে হনুমান আৰু শনিদেৱতাৰ আৰু দেওবাৰে সূৰ্য দেৱতাৰ ব্ৰত ৰখা হয়। এনে দৰে বেলেগ বেলেগ দিনত বেলেগ বেলেগ দেৱতাৰ ব্ৰত ৰখা হয় আৰু উপবাসে থাকি ভগৱানক সন্তোষ্ট কৰিব পাৰি বুলি আমাৰ পুৰাণসমূহে কৈ গৈছে। ভগৱানক সন্তোষ্ট কৰিবলৈ থকা উপবাসে থকাটো সকলোতৈ ভাল উপায় বুলি ধৰা হয়। উপবাসৰ দিনা আমি দিনটোত এবাৰ বা দুবাৰ খাদ্য নাখায় নিজক কষ্ট দিওঁ এনেদৰে আমি ভগৱানৰ দৃষ্টি নিজৰ ফালে আকৰ্ষক কৰিব পাৰোঁ। আপোনাৰ কষ্ট ভক্তি আৰু শ্ৰদ্ধা দেখিলে ভগৱানে আপোনাৰ মনোকামনা পূৰ্ণ কৰে। উপবাসৰ কথা আহিলে গোটেই ভাৰততে সকলোতকৈ বেছি সোমবাৰেই ব্ৰতত ৰাখে। হিন্দু ধৰ্মত সোমবাৰৰ দিনতো শিৱ দেৱতাক সমৰ্পন কৰা হৈছে। সেয়ে বহুত লোকে সোমবাৰৰ দিনতোত শিৱৰ ব্ৰতব্ৰত ৰাখে। কিন্তু আজি আপোনালোকক ক’ম শিৱৰ ব্ৰত ৰখা মানে দিনটোত এবাৰ বা দুবাৰ খাদ্য নোখোৱাতোৱেই নহয়, ইয়াৰ কিছুমান নীতি-নিয়ম আছে যিবোৰ আপুনি পালন কৰাতো প্ৰয়োজন। যিসকল ব্যক্তিয়ে এই নিয়ম সমুহ পালন নকৰে তেওঁলোকৰ সোনবাৰৰ ব্ৰততো অথলে যায় লগতে এইটোও বিশ্বাস কৰা হয় যে নিয়ম নমনা লোক সকলে শিৱৰ প্ৰকোপ সহ্য কৰিব লগাব হ’ব পাৰে। যদি আপুনিও শিৱৰ পূজা কৰে, সোমবাৰে ব্ৰত ৰাখে তেতিয়া হ’লে ভুলতো এইসমূহ ভুল নকৰিব।
সোমবাৰৰ দিনা গুৰু আহাৰ নাখায় বুলি সকলোৱে জানে। কিন্তু ব্ৰতৰ সময়ছোৱাত ফলাহাৰ কৰোঁতে অজানিতে নিমখৰ ব্যৱহাৰ হয়। আপোনাৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে সোমবাৰে ব্ৰতত থকা সময়খিনিত আৰু দিনতোত আপুনি ভুলতো নিমখ খাব নালাগে। যদি আপুনি সেই দিনতোত সন্দিয়া এবাৰ খাদ্য খায় সেই খাদ্যও নিমখবিহীন হ’ব লাগে। যদি নিমখৰ আপোনাৰ অত্যন্ত প্ৰয়োজন হয় তেতিয়া আপুনি সন্ধ্যা নিমখৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু নিমখ আপুনি ভুলতো ব্যৱহাৰ নকৰিব।
দ্বিতীয়তে, সোমবাৰৰ দিনতোত ব্ৰহ্মচাৰী ধৰ্ম পালন কৰিব লাগে। যদি আপুনি বিবাহিতও হয় তেতিয়াও ভুলতো আপুনি সোমবাৰৰ দিনটোত সম্পৰ্ক কৰিব নালাগে; নহ’লে আপুনি ৰখা উপবাস অথলে যায়। অন্যথা শিৱৰ প্ৰকোপ সহ্য কৰিব লগা হয়। কিয়নো যি কোনো ব্ৰত ৰখাৰ সময়ত ব্ৰহ্মচাৰী ধৰ্ম পালন কৰাতোঁ বহুত অনিবাৰ্য বুলি ধৰা হয়।
তৃতীয়তে, কোনো জেষ্ঠ জনক অপমান কৰিব নালাগে। ঘৰৰ প্ৰতিজন জেষ্ঠ ব্যক্তিৰ লগতে যদি আপুনি স্কুললৈ যায় তেতিয়া হ’লে শিক্ষক সকলক, যদি আপুনি অফিচলৈ যায় তেতিয়া আপোনাৰ জেষ্ঠ সহকৰ্মী সকলক সেই দিনা অপমান কৰিব নালাগে, লাগিলে কিবা কথাত তেওঁলোকে আপোনাক টানকৈয়ে কওঁক কিন্তু আপুনি ব্ৰতত থকা সময়খিনিত আপোনাৰ জীৱনত লগত পোৱা আপোনাতকৈ জেষ্ঠ জনক অপমান কৰিব নালাগে। যদি ব্ৰতৰ সময়খিনিত আপুনি কাৰোবাৰ লগত কাজিয়া কৰে বা কাৰোবাৰ লগত মনোমালিন্য হয় তেতিয়া আপুনি কৰা ব্ৰতৰ কোনো ফল নধৰে।
পাঠক সকল সোমবাৰ দিনা কোনো ধৰণৰ হিংসামুলক কাম আপুনি নকৰিব। কৰবাত যদি কাজিয়া হয়া, সেই কাজিয়াত যদি আপোনাৰ বন্ধুৱেও থাকে তাত যদি আপুনিও জড়িত হৈ যায়, আকৌ যদি সোমবাৰৰ দিনা যিকোনো জীৱ-জন্তুক বধ কৰে আদি কাম কৰিব নালাগে। সোমবাৰৰ দিনা কোনো জীৱক বধ কৰি ভক্ষণ কৰিব নালাগে, সোমবাৰৰ দিনা আমিষ খাব নালাগে।
সোমবাৰৰ দিনা আপুনি কাকো অপশব্দ ব্যৱহাৰ কৰিব নালাগে। সেইদিনা কাকো অন্তৰত আঘাত পোৱাকৈ কোনো কথা ক’ব নালাগে। এনে কৰিলে ভগৱান শিৱৰ প্ৰকোপ আপুনি সহ্য কৰিব লগা হ’ব পাৰে।
পাঠক সকল উপবাসৰ দিনা শিৱক দুবাৰকৈ আৰাধনা কৰিব লাগে। যদি নোৱাৰে তেতিয়া সন্ধিয়া সময়খিনিত শিৱৰ আৰাধনা কৰিব লাগে আৰু শিৱলৈ ধূপ-চাকি-নৈবেদ্য আগবঢ়াব লাগে। যদি পাৰে উপবাসৰ দিনা শিৱলিংগত অলপ জল ঢালিব লাগে আৰু কেচাঁ গাখীৰ আৰু পঞ্চমৃত দি অভিষেক কৰিব লাগে। যিকোনো ফল তেওঁলৈ আগবঢ়াওক। এনেদৰে সোমবাৰৰ দিনা শিৱপূজা কৰিব লাগে। যদি পাৰে সোমবাৰৰ দিনা শিৱ মন্দিৰলৈ গৈ এটা নাৰিকল শিৱৰ চৰণত উচৰ্গা কৰক।
কিছুমান মানুহৰ মিছা কথা কোৱা আৰু নিন্দা কৰাৰ অভ্যাস থাকে এইসমূহ পৰিহাৰ কৰক অন্যথা ভগৱান শিৱৰ প্ৰকোপ আপোনাৰ ওপৰত পৰিব পাৰে।
আমাৰ ধৰ্মত যেতিয়াই আমি দেৱী-দেৱতাসকলৰ পূজা কৰোঁ তেতিয়া প্ৰসাদ সম্পৰ্কীয় কিছুমান বিশেষ নিয়ম থকা দেখা যায়। ভগৱান কৃষ্ণক যি দৰে দৈৰ ভোগ আগবঢ়াও, সন্তোষী মাক টেঙা বস্তুৰ ভোগ আগবঢ়োৱা নহয়। সেইদৰে প্ৰতিজন দেৱী-দেৱতাৰ পূজা, প্ৰসাদ আৰু মন্দিৰ সম্পৰ্কীয় বিশেষ বিশেষ নিয়ম আছে। সেয়ে বিশ্বাস কৰা হয় যে শিৱক ধতুৰা আৰু বেলপাত আগবঢ়োৱা হয়।
সাধাৰণতে আমি দেখিবলৈ পাওঁ যে যেতিয়াও ভগৱানৰ জাগৰণ, পূজা কৰে বা আৰতি কৰে তেতিয়া ভগৱানৰ গুণ-গানৰ লগতে হাত চাপৰি বজায়। এনেকুৱা কৰিলে ভক্তসকলৰ মাজত একতা আহে। যেতিয়া আমি ঘৰত পূজা বা আৰতি কৰোঁ তেতিয়া পৰিয়ালৰ লোক সকলে হাত চাপৰি বজায় বজায় আৰতি কৰোঁ। বিশ্বাস কৰা হয় যে এনে কৰিলে প্ৰাৰ্থনাৰ শব্দ ভগৱানে শুনিবলৈ পায়। কিন্তু আপুনি জানি আচৰিত হ’ব যে ভগৱান শিৱৰ মন্দিৰত হাত চাপৰি বজোৱাতো অশুভ বুলি ধৰা হয়। শিৱ মন্দিৰত বিশেষ কাৰণ নাথাকিলে হাত চাপৰি বজোৱা নহয়। কোৱা হয় যে ভগৱান শিৱ সমাধিত লিন গৈ থাকে আৰু এই সময়খিনি তেওঁ ধ্যানত থাকে। পুৰাণ কথাতো আছে যে শিৱৰ ধ্যান ভংগ কৰা সহজ কাম নহয়। ইয়াৰ উপৰিও তেওঁ এবাৰ কামদেৱকো ভস্ম কৰি দিছিল কিয়নো কামদেৱে তেওঁৰ ধ্যান ভংগ কৰাৰ দুঃসাহস কৰিছিল। সেয়ে কোৱা হয় শিৱ মন্দিৰত শান্তি বৰ্তাই ৰখা হয়। যেতিয়াই আপুনি শিৱ মন্দিৰলৈ যাব আপুনি শান্তিৰে মনে মনে তেওঁক আৰধনা কৰক, শিৱই সদায় জলধাৰাৰ কাষত মনে মনে বহি থাকে বুলি বিশ্বাস কৰা হয়। কিয়নো শিৱই হুলস্হূলীয়া পৰিবেশ ভাল নাপায়। সেয়ে তেওঁ ধ্যান আৰু সমাধি কৰিবলৈ শ্মশান, কৈলাস আদি নিৰ্জন স্থানত বাস কৰে। সেয়ে শিৱলিংগৰ ওচৰত হাত চাপৰি বজাব নালাগে, কিয়নো এনে কৰিলে তেওঁৰ ধ্যান ভংগ হ’ব পাৰে আৰু ভগৱান এইটো অলপো ভাল নাপাই আৰু শিৱৰ ধ্যান ভংগ হ’লে তেওঁ ক্ৰোধ বাঢ়িব পাৰে আৰু যাৰ বাবে তেওঁৰ ধ্যান ভংগ হয় তেওঁৰ ওপৰত ভগৱান ৰুস্ত হয়। বিশ্বাস কৰা হয় যে শিৱৰ লগতে শিৱৰ পৰিয়ালৰ সকলো সদস্য ক্ৰোধিত হয় আৰু তেওঁৰ ভুতগণসকলো ৰুস্ত হ’ব পাৰে। যেতিয়া শিৱ পূজা কৰা হয় তেতিয়াহে হাত চাপৰি, ঘন্টা আৰু অন্যান্য বাদ্য বজাব লাগে এনেই শিৱ মন্দিৰত একো বাদ্য বজাব নালাগে।
পাঠক সকল আজি আপোনালোকে জানিব পাৰিলে ভগৱান শিৱক সন্তোষ্ট কৰিবলৈ কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে।