হিন্দু পৌৰাণিক কথা মহাভাৰতত যেতিয়া-পাণ্ডৱসকলৰ ১২বৰ্ষ বনবাস আৰু ১বছৰ অজ্ঞাত বাস পাইছিল,তেতিয়া পাণ্ডৱসকলে বনত বাস কৰিবলৈ ধৰিলে। অৰ্জুনে-দেৱৰাজ ইন্দ্ৰৰ পৰা দিব্য অস্ত্ৰ লাভ কৰিবলৈ-হিমালয়ত তপস্যা কৰিবলৈ গুচি গল।যাতে-অৰ্জুনে,ভীষ্ম,
দ্ৰোণাচাৰ্য্য,কৃপাচাৰ্য্য,কৰ্ণ তথা অশ্বত্থামাৰ দৰে আৰু বীৰ যুদ্ধাসলক পৰাস্ত কৰিব পাৰে।এয়া অৰ্জুনৰ বাবে-প্ৰয়োজনীয় আছিল।
*আন ৪জন পাণ্ডৱ আৰু দ্ৰৌপদীৰ সেই সময়ৰ জীৱন অৰ্জুনৰ অবিহনে সুখৰ নাছিল।সেই সময়ক সলনি কৰাৰ ইচ্ছাৰে-তেওঁলোক সকলোৱে এক শান্তিপূৰ্ণ স্থান বিচাৰি গৈছিল।আৰু তেওঁলোক গৈ গৈ-নাৰায়ণ আশ্ৰম পালেগৈ।তেতিয়া-তেওঁলোকে এয়া নিশ্চয় কৰিলে-কিছুসময় তেওঁলোকে তাতে বিশ্ৰাম কৰিব।
*এদিনাখন উত্তৰ-পূৱ দিশৰ পৰা-এপাহ কমলৰ ফুল দ্ৰৌপদীৰ কাষলৈ উৰি আহিল।সেই পুষ্প বহুত সুগন্ধিত আছিল।সেই পুষ্পৰ সুগন্ধত-দ্ৰৌপদী সেই কমল পুষ্পত মোহিত হৈ পৰিল।দ্ৰৌপদীয়ে ভীমক-এনে ধৰণৰ আৰু পুষ্প আনিবলৈ কলে। ভীমে-দ্ৰৌপদীৰ ইচ্ছা পূৰ্ণ কৰিবলৈ-সেই কমল পুষ্পক বিচাৰি-সেই দিশৰ ফালে আগুৱাই গল।যি ফালৰ পৰা-সেই কমল পুষ্পৰ সুগন্ধ আহিছিল।কমল পুষ্পক বিচাৰি-বিচাৰি ভীম এখন বন পালেগৈ।বনৰ দুৱাৰত এটা বানৰ শুই আছিল।যিয়ে ভীমৰ বাটত বাধা দিছিল।
*ভীমে সেই বানৰক কলে-অ বানৰ।ৰাস্তাৰ পৰা আঁতৰি দিয়া আৰু মোৰ বিট মুকলি কৰি দিয়া।
-সেই বানৰৰ ৰাস্তাৰ পৰা আঁতৰি দিয়াৰ কোনো ইচ্ছায়ে নাছিল।
*সেই বানৰে ভীমক কলে-মই বহুত বুঢ়া আৰু দুৰ্বল হৈ পৰিলো।যদি তুমি যাব বিচাৰিছা-তেন্তে মোৰ ওপৰেদিয়ে যোৱাগৈ।
*ভীমে ৰুষ্ট হৈ-অলপ বেয়াকৈ-সেই বানৰক ৰাস্তাৰ পৰা আঁতৰি দিবলৈ কলে।
তথাপিটো-বানৰে তাৰপৰা আঁতৰি নিদিলে।
তেতিয়া ভীমে কলে-বুঢ়া বানৰ,তই নাজানিছ!তই কাৰ লগ কথা পাতিছ!মই কুৰু দ্বাৰৰ এক ক্ষত্ৰীয় হয়।মই মাতা কুন্তীৰ পুত্ৰ হয় আৰু ভগৱান পৱন মোৰ পিতৃ হয়।মই ভীম হয়।প্ৰসিদ্ধ হনুমানৰ-ভাতৃ।যদি তই মোৰ অপমান কৰিছ-তেতিয়া তাৰ প্ৰকোপ সহিব লাগিব।সেইবাবে-তোৰ বাবে এয়াই ভাল হব যে-তই মোৰ সময় বৰ্বাদ নকৰাকৈ-ইয়াৰপৰা উঠি,আন স্থানলৈ গুচি যা গৈ।
-তেতিয়া বানৰে ভীমক কলে-যদি তোমাৰ ইমান লৰালৰি হৈছে,তেন্তে-তুমি মোৰ নেগুৰডাল আঁতৰাই গুচি যোৱা।
*ভীমে নেগুৰ আঁতৰাবলৈ আৰম্ভ কৰিলে।কিন্তু বানৰৰ তাৰ কোনো প্ৰভাৱে নপৰিল।
*বানৰে ভীমক সুধিলে যে-হনুমান কোন হয়!মোক তেওঁৰ বিষয়ে কোৱা যে-তেওঁ ইমান মহান কিয় হয়!তেওঁত এনে কি আছে!
*ভীমে কলে-তই ইমান মূৰ্খ আৰু অজ্ঞানী কি দৰে হব পাৰ!তই শক্তিশালী হনুমানৰ বিষয়ে নাই শুনা নে!যিয়ে-শ্ৰীৰামৰ পত্নী সীতাক বিচাৰি সমুদ্ৰ লাংঘন কৰি লংকা পালেগৈ।দৰাচলতে তই অনভিজ্ঞ হয়।
-সেই বানৰে কেৱল হাঁহি আছিল আৰু ভীমে বানৰৰ নেগুৰ আঁতৰাবলৈ চেষ্টা কৰি আছিল।ভীমে-বহুত বল প্ৰয়োগ কৰিলে,বানৰৰ নেগুৰ আঁতৰাবলৈ।কিন্তু সেই বানৰৰ নেগুৰ অলপমানো লৰচৰ নহলে।
*তেতিয়া ভীমৰ অলপ কিছু বেলেগ অনুভৱ হল আৰু ভীমে সেই বানৰক কলে-আপুনি কোনো সাধাৰণ বানৰ নহয়!কৃপা কৰি মোক কওক যে-আপুনি কোন হয়!
-তেতিয়া বানৰে কলে-ভীম,মই হনুমান হয়।যাৰ বিষয়ে-তুমি এতিয়া কয় আছিলা।মইয়ে-তোমাৰ ডাঙৰ ভাতৃ হয়।তোমাৰ বাট আগলৈ সংকটজনক হয়।এই বাট দেৱতাসকলৰ হয় আৰু মনুষ্যৰ বাবে-সুৰক্ষিত নহয়।সেইবাবে-মই তোমাৰ ৰক্ষাৰ বাবে আহিছিলো।মই জানো যে-তুমি ইয়ালৈ সুগন্ধিত কমল পুষ্প নিবলৈ আহিছা।মই তোমাক সেই পুখুৰী দেখুৱাই দিম-যত সেই পুষ্প আছে।তুমি তাৰপৰা যিমান লাগে-পুষ্প লৈ-ইয়াৰপৰা যাব পাৰিবা।
*ভীম বহুত সুখী হল আৰু ভীমে হনুমানৰ ওচৰত বহি-হনুমানক অনুৰোধ কৰিলে যে-মই আপোনাৰ এই বিশাল ৰূপ চাবলৈ বিচাৰোঁ-যত আপুনি-১০০যোজনা দীৰ্ঘতম সমুদ্ৰ লাংঘনা কৰি-লংকা ভূমিত উপস্থিত হৈছিল গৈ!
-বীৰ হনুমানে-নিজৰ সেই বিশাল ৰূপক ধাৰণ কৰি-ভীমক দৰ্শন দিলে।ভীমে-হনুমানৰ বিশাল ৰূপক দেখাপায় থৰ হৈ ৰল আৰু নিজৰ চকু বন্ধ কৰি ললে।তেতিয়া পুনৰ হনুমানে নিজৰ সাধাৰণ ৰূপত আহি-ভীমক সাৱটি ধৰিলে।আৰু ভীম তেওঁৰ দ্বাৰা ধন্য হৈ পৰিল।
*বীৰ হনুমানে-ভীমক আশ্বাসন দিলে যে-যেতিয়া তুমি যুদ্ধৰ স্থলীত সিংহৰ দৰে-আহ্বান কৰিবা-তেতিয়া মোৰ মাত তোমাৰ মাতৰ লগত জড়িত হৈ পৰিব।যাৰবাবে-শক্ৰৰ বুকুত আতংক হব।মই অৰ্জুনৰ ৰথৰ পাতাকাত বিৰাজমান হৈ থাকিম।তোমাৰে বিজয় হব।
-হনুমানক সাৱটি ধৰাত ভীমৰ শক্তি আৰু বেছি হৈ গল।হনুমানে-নিজৰ ভায়েক ভীমৰ অহংকাৰৰ পৰা মুক্ত কৰি দিলে।তথা ভীমক শক্ৰৰ লগত যুদ্ধ কৰিবলৈ অধিকতকৈও অধিক শক্তি প্ৰদান কৰিলে।বীৰ হনুমানে-ভীমক আৰ্শীবাদ দিলে আৰু তাৰপৰা গুচি গল।বীৰ হনুমানৰ সলাহৰ পাছত-ভীমে পুখুৰীৰ পৰা দ্ৰৌপদীৰ বাবে-বহুত কমল পুষ্প অৰ্জিত কৰিলে আৰু ঘূৰি আহিল।আৰু দ্ৰৌপদীয়ে ভীম ঘূৰি অহালে-বহুত হেপাহৰে আপেক্ষা কৰি আছিল।
-এনেদৰে ভীম আৰু হনুমানৰ দেখা-দেখি হল।আৰু হনুমানে-নিজৰ ভাতৃ ভীমক মহাভাৰতৰ যুদ্ধত যুদ্ধ কৰিবলৈ শক্তি দিলে।