শিপা নাপাহৰা এজন আদৰ্শ চিকিৎসক ।

1 min read


মাতৃৰ নাম সজীৱ কৰা তথা দৰিদ্ৰ পৰিয়ালৰ কৃৰ্তী ছাত্ৰ- ছাত্ৰীক বিশেষ সহযোগিতা আগবঢ়াই সামাজিক দ্বায়িত্বৰ দিছে পৰিচয়।

টীয়কৰ প্ৰতিবেদক ২ জুন /২৩শৈশৱ পাৰ কৰা আপোন ঠাইখন,শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা আপোন বিদ্যালয়খন তথা আত্মীয় কুটুম্ব বন্ধুবৰ্গৰ লগতে নিজৰ জন্মস্থানক অধিক ব্যস্ততাৰ মাজতো নাপাহৰি সময়ে সময়ে নিজৰ সামাজিক দ্বায়িত্ববোধ পৰিচয় দি আজি আদৰ্শ হৈ পৰিছে টীয়কৰ সুসন্তান তথা বৰ্তমান যোৰহাট মিচন হস্পিতালৰ জ্যেষ্ঠ চিকিৎসক ডা: সঞ্জীৱ বৰুৱা। অতিকৈ মেধাবী বৰুৱাই চিকিৎসা বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভাৰতৰ বাহিৰত কত্তৰ্ব্য কৰাৰ সুযোগ পাইছিল যদিও সেই সময়ত ৰোগীয়া পিতৃ মাতৃক এৰিব নোৱাৰি যোৰহাটতে নিজৰ কৰ্ম আৰম্ভ কৰিলে।জীৱনৰ দৈনন্দিন ব্যস্ততাৰ সমান্তৰালকৈ আজিও পিতৃ মাতৃৰ সেৱাত ব্যস্ত ডা: বৰুৱা।অৱশ্যে দুৰ্ভাগ্যজনকভাৱে মাতৃক হেৰুৱালে যদিও মাতৃৰ নাম সজীৱ কৰাৰ লক্ষ্যৰে মাতৃৰ নামত এটি ন্যাস প্ৰস্তত কৰি ২০১৫ চনৰ পৰা টীয়কৰ দুই চৰকাৰী বিদ্যালয় টীয়ক হাইস্কুল আৰু টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃৰ্তিত্বসহকাৰে উত্তীৰ্ণ হোৱা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ -ছাত্ৰীক মাতৃ পদ্মা বৰুৱা সোঁৱৰণী ন্যাসৰ জড়িয়তে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বিশেষ সহায় হোৱাৰ উদ্যেশ্যে সাহাৰ্য প্ৰদান কৰি আহিছে।বিগত বছৰৰ দৰে এইবাৰো নিজে পঢ়া বিদ্যালয় আৰু তেওঁৰ দুই ভগ্নী পঢ়া বিদ্যালয় দুখনত উপস্থিত হৈ মুঠ ৯ গৰাকীকৈ ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনা জনায়।লগতে অনাগত দিনত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যুৱ চিকিৎসকজনে।উল্লেখযোগ্য যে আজি পৰ্যন্ত ডা: বৰুৱাই প্ৰায় চল্লিছৰো অধিকজন টীয়কৰ দৰিদ্ৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক এই ন্যাসৰ জড়িয়তে সাহাৰ্য আগবঢ়াই আহিছে।দৰিদ্ৰতা যাতে কোনো কাৰণতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অন্তৰায় হ'ব নোৱাৰে তাৰ লক্ষ্যৰে এইদৰে নিজ সাধ্য অনুসৰি এইদৰে প্ৰতিবছৰে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি যোৱাৰ সংকল্প লৈছে।আজিৰ এই অনুষ্ঠানত টীয়ক হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী দিপিকা বৰুৱাকে প্ৰমুখ্য কৰি শিক্ষকসকল,টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ শিক্ষক সকল,প্ৰাক্তন টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানৰ লগতে বহুসংখ্যক অভিভাৱক উপস্থিত থাকি ডা: বৰুৱাৰ এই বদন্যতাৰ শলাগ লয়।

You May Also Like

More From Author