টীয়কত আয়ুস্মান অসম কাৰ্ডৰ শুভাৰম্ভণি কৰিলে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই

1 min read

 

টীয়কৰ প্ৰতিবেদক ১৫ জুন /২৩

মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আজি কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত টীয়ক সমষ্টিৰ জনসাধাৰণৰ বাবে অহা ”আয়ুষ্মান অসম” কাৰ্ডৰ শুভৰাম্ভনি কৰে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া ।এই লৈ চিকিৎসা কেন্দ্ৰটোত আয়োজিত বহুমুখী স্বাস্থ্য কৰ্মী কেশৱানন্দ বৰাই আঁত ধৰা সভাত যোৰহাট জিলা অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ও পৰিয়াল কল্যাণ বিভাগৰ ডা° অজিত বৰা , কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডা° ভাষ্কৰ শইকীয়া , খণ্ড স্বাস্থ্য আঁচনি প্ৰৱন্ধক ৰিণি গগৈ , যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ প্ৰতিনিধি চিপাহী খোলা মণ্ডলৰ সভাপতি ৰাতুল বৰঠাকুৰ, অগপ যোৰহাট জিলা সম্পাদক দ্বীপেন বৰগোঁহাই , বিজেপি চিপাহীখোলা মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী বীণা বৰকোঁচ সহিতে বহু সংখ্যক ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়াই লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰে যি সুবিধাৰ ব্যৱস্থা কৰিছে সেয়া সকলোৱে একেমুখে আদৰণীয় বুলি অভিহিত কৰি এয়া দুখীয়া ৰাইজৰ বাবে অতি প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে।

You May Also Like

More From Author