কাৰ অমনোযোগিতাৰ বাবে আজিও হৈ নুঠিল প্ৰয়াত মুক্তিযোদ্ধা গোপীকান্ত বৰুৱা পথ ?

1 min read



গাঠিৰ ধন ভাঙি ৰাইজে কৰিছে মেৰামতি l

টীয়কৰ প্ৰতিবেদক ১৯ জুন /২৩

গ্ৰাম্যঞ্চলসমূহৰ উন্নয়নেহে ৰাজ্য তথা দেশৰ উন্নয়নৰ প্ৰকৃত ছবি দাঙি ধৰিব।কিন্তু কেৱল নগৰাঞ্চলত উন্নয়ন কৰি কোনো চৰকাৰে উন্নয়ন হৈছে বুলি আশা কৰাটো ভুল কৰা হ’ব। টীয়কৰ বনপিঠাগুৰি আৰু আৰন্ধৰা গাৱঁৰ সংযোগী গুৰুত্বপূৰ্ণ প্ৰয়াত মুক্তিযোদ্ধা গোপীকান্ত বৰুৱা পথটো যোৱা সময়ছোৱাত ৰাইজে মেৰামতি কৰি যাতায়তৰ সুচল কৰি দিবলৈ বহুবাৰ বিধায়ককে প্ৰমুখ্য কৰি পঞ্চায়তৰ প্ৰতিনিধিক আবেদন নিবেদন দি আহিছে যদিও আজি পৰ্যন্ত পথটো মেৰামতি নোহোৱাৰ ফলত বৰ্তমান নেৰানেপেৰা বৰষুণৰ ফলত ৰাইজে যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তি ভুগিবলগীয়া হৈছে।বিশেষকৈ মুক্তিযোদ্ধাৰ নামত থকা উক্ত প্ৰায় আঢ়ৈ কিলোমিটাৰ পথৰ এনে দূৰৱস্থাই জনপ্ৰতিনিধিসকলৰ দ্বায়িত্বহীনতাৰ প্ৰমাণ দাঙি ধৰিছে বুলি ৰাইজে অভিযোগ তুলিছে।সেয়ে নিৰূপায় ৰাইজে গাঠিৰ ধন ভাঙি পুৰুষ মহিলা সকলো ওলাই আহি পথ মেৰামতিত ব্যস্ত হৈ পৰিছে।ইপিনে একাংশই এই পথৰ বাসিন্দাসকলক এক বিশেষ ৰাজনৈতিক দলৰ সমৰ্থক বুলি ভাবি এইদৰে বহু কাকুতি মিনতি কৰাৰ পাছতো জনপ্ৰতিনিধিয়ে পথছোৱা মেৰামতি নাই কৰা বুলি অভিযোগ উত্থাপন কৰিছে। মুক্তিযোদ্ধাগৰাকীৰ প্ৰতি যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰি পথছোৱা শীঘ্ৰেই মেৰামতি কৰি দিবলৈ উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে এইসকল ৰাইজে।

You May Also Like

More From Author