মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পাৱৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে। ইয়াৰ লগত সংগতি ৰাখি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীয়ে ফলক উন্মোচন কৰাৰ লগতে বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপন কৰে। মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰি আন্তঃগাঠনিৰ বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ সা-সুবিধাৰো বুজ লয়। বিদ্যালয়ৰ শুভউদ্বোধন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে অসমৰ চাহ বাগিচা অঞ্চলত শিক্ষাৰ সোণালী যুগৰ সূচনা হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চাহ বাগিচা অঞ্চলত শিক্ষাৰ উত্তোৰণৰ বাবে শৈক্ষিক আন্ত:গাঁথনি বৃদ্ধিৰ লক্ষ্যৰে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে। বাগিচাসমূহৰ কণকণ শিশু তথা নৱপ্ৰজন্ম শিক্ষিত হলেহে অসমখনৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায় ৷ আনহাতে, চাহ বাগিচাৰ কণকণ শিশুসকলৰ অভিভাৱকসকলক নিজৰ শিশুটিক শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত নকৰিবলৈও আহ্বান জনায়। তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ বাগিচাসমূহত শৈক্ষিক উত্তোৰণৰ দিশত স্বৰ্ণীল ইতিহাসৰ সুচনা হৈছে বুলি উল্লেখ কৰে। চাহ বাগিচাৰ কণকণ শিশু তথা নৱপ্ৰজন্মক গুণগত শিক্ষা প্ৰদান কৰি দেশৰ সুযোগ্য নাগৰিক হিচাপে গঢ়ি তোলাত এই আদৰ্শ বিদ্যালয়সমূহে উল্লেখযোগ্য অৰিহণা যোগাব বুলি মন্তব্য আগবঢ়ায়। তেখেতে বিদ্যালয় কতৃপক্ষ, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়বৱীয়া তথা স্থানীয় ৰাইজক বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আহ্বান জনায়। আজিৰ এই চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভউদ্বোধন কাৰ্য্যসূচীত ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পাল, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী, হাউচিং বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, মাৰ্ঘেৰিটা মহকুমাৰ নিৰ্বাচনী বিষয়া অদিতি নেওগ, বিদ্যালয় পৰিদৰ্শক বিতুপন হাজৰিকা, পাৱৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিনোদ কোৱঁৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰিমঝিম বৰুৱা প্ৰমুখ্যে শিক্ষা তথা লোকনিৰ্মাণ (গৃহ) বিভাগৰ বিষয়াবৰ্গ, পাৱৈ চাহ বাগিচাৰ কতৃপক্ষ, স্থানীয় বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।
তিনিচুকীয়াত চাহ বাগিচা আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্ৰী ৰঞ্জিত দাসৰ
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025