অতীতৰ পৰাই মনুষ্যই বিশ্বাস অনুযায়ী সমাজৰ মংগলৰ হকে কৰি অহা বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনাই যেন এতিয়াওঁ একে আছে | ভাৰতবৰ্ষৰ তেলেংগু সম্প্ৰদায়ৰ লোক সকলে অতীতৰ পৰাই তেওঁলোকৰ দেৱী শ্ৰী শ্ৰী সিন্দ কোঠাৰী দেৱতাক পূজা-আৰাধনা কৰি আহিছে | অসমত বসবাস কৰা বৃহত্তৰ তেলেগু সম্প্ৰদায়ৰ লোকসকলেওঁ এই পূজা প্ৰত্যক বছৰে মে’ মাহত পালন কৰি আহিছে বুলি জানিবলৈ দিয়ে | ওদালগুৰিৰ জিলাৰ হাতীগড়ত ১৯৫০ চনৰ পৰাই হাতীগড় তেলেগু সমাজে শ্ৰী শ্ৰী সিন্দ কোঠাৰী বা গ্ৰাম পূজা আয়োজন কৰি আহিছে | এই পূজাৰ মূলত শ্ৰী শ্ৰী সিন্দ কোঠাৰী দেৱতাক আৰাধনা,পূজা-অৰ্চনা কৰাৰ লগতে যিখন গাঁৱত এই পূজা আয়োজন কৰা হয়, সেইখন গাওঁৰ চাৰিওদিশে দেৱতাৰ প্ৰতিধ্বনি লগত লৈ, লগতে মহিলা সকলে মূৰত কুলশী লৈ পদযাত্ৰা কৰে | হাতীগড় শ্ৰী শ্ৰী সিন্দ কোঠাৰী মন্দিৰৰ পৰা ওলোৱা এই পদযাত্ৰা হাতীগড় চাহ বাগিচাৰ ৬ টাকৈ লাইনত পদযাত্ৰা কৰে | সমাজৰ অমংগল, অশান্তি নাশৰ বাবে লগতে প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে, সকলোৰে মংগল হয়, সেই উদ্দেশ্যেৰে এই পূজা কৰা হয় বুলি উদ্যোক্তা সমাজে জানিবলৈ দিয়ে | ইয়াৰ লগতে এই পূজাত লাঠি খেলৰ পৰম্পৰা দেখিবলৈ পোৱা গল | ২০২৫ বৰ্ষত হাতীগড় শ্ৰী শ্ৰী সিন্দ কোঠাৰী বা গ্ৰাম পূজা পালন কৰা ৭৫ বৰ্ষত ভৰি দিব | সেই উপলক্ষে ওলহ-মালহেৰে ২০২৫ বৰ্ষটিত হীৰক জয়ন্তী উদযাপন কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে | এই পূজাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতি দেৱ |
ওদালগুৰিৰ হাতীগড়ত ৭৩তম তেলেংগু সমাজৰ গ্ৰাম পূজা অনুষ্ঠিত
Posted on by GTM Desk
1 min read