তেলেংগানাৰ এখন গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কন্যাৰ প্ৰেম বিবাহত ক্ষুব্ধ হৈ তেলেংগানাৰ এখন গাঁৱৰ গাঁওপ্ৰধানে জুই লগাই দিলে জোঁৱাইৰ ঘৰত। তেলেংগানাৰ ৱাৰংগল জিলাৰ নৰসমপেট তালুকাৰ ইটিকালপল্লী গাঁৱত সংঘটিত হৈছে এই ঘটনা।
খবৰ অনুসৰি, ইটিকালপল্লী গাঁৱৰ গাঁওপ্ৰধান মণ্ডল ৰবিন্দৰৰ কন্যাই কলেজৰ দিনৰে পৰা একেখন গাঁৱৰ জলগাম ৰঞ্জিতৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। আৰু অৱশেষত যুৱতীগৰাকীয়ে পলায়ন কৰি পিতৃৰ ইচ্ছাৰ বিৰুদ্ধে জলগাম ৰঞ্জিতৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পিছত দুয়োজনে পৰিয়ালৰ লোকলৈ এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে য’ত যুৱতীগৰাকীয়ে কয় যে তেওঁ নিজৰ ইচ্ছামতে প্ৰেমিক ৰঞ্জিতৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বিবাহপাশত আৱদ্ধ হোৱা বাবে যুৱতীগৰাকীয়ে তেঁওলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে। যুৱতীগৰাকীয়ে পিতৃ-মাতৃক সুখী হ’বলৈ কোৱাৰ লগতে তেঁওকো যেন স্বামীৰ সৈতে সুখেৰে জীয়াই থাকিবলৈ দিয়ে সেই অনুৰোধ কৰে। যদি তেঁওলোকে যুৱতীগৰাকীৰ পিছ নেৰে তেন্তে স্বামীৰ লগতে তেঁও চৰম পন্থা গ্ৰহণ কৰিব বুলিও পিতৃ-মাতৃক ভাবুকি দিছিল।
তাৰপিছত সংঘটিত হৈ এই ভয়ংকৰ ঘটনাটো। কন্যাৰ বিবাহক লৈ অগ্নিশৰ্মা হৈ থকা গাঁওপ্ৰধানজনে জোঁৱায়েক ৰঞ্জিত আৰু এই বিয়াত সহায় কৰা তেওঁৰ এজন বন্ধুৰ ঘৰত জুই লগাই দিয়ে। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে। গাঁওখনত এই ঘটনাৰ পৰা উদ্ভৱ হোৱা উত্তেজনাৰ পিছত তাত আৰক্ষী মোতায়েন কৰা হৈছে।
“মাজনিশা পাঁচখন দুচকীয়া বাহনত থকা কিছু অচিনাক্ত লোকে ঘৰটোত সোমাই ঘৰটো লুটপাত কৰে। লগতে ঘৰৰ পৰা নগদ ৫০,০০০ টকাৰ নগদ ধন আৰু সোণৰ আ-অলংকাৰ চুৰি কৰি ঘৰটোত জুই লগাই দিয়ে, যাৰ বাবে ঘৰত ৰখা কপাহকে ধৰি ঘৰত ৰখা সকলো সামগ্ৰী জ্বলাই দিয়া হয়। সেই সকলো অচিনাক্ত লোকে মুখ ঢাকি আহিছিল আৰু সেয়েহে তেঁওলোকক চিনাক্ত কৰিব পৰা হোৱা নাছিল।” বুলি ঘটনাটো সম্পৰ্কত গাঁৱৰ এজন প্ৰত্যক্ষদৰ্শীয়ে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।