কবি কুমাৰ বিভূতিৰ অসমীয়া সাহিত্যৰ নিৰ্বাচিত আলোচনা “অনুকলন” উন্মোচন

1 min read

জীয়াৰীৰ জন্মদিনত পিতৃয়ে উপহাৰ দিলে সাহিত্যৰ নতুন গ্ৰন্থ”

নিউজ ব্যুৰ’,নগাঁও,৫জুলাই:–নিজৰ কন্যাৰ জন্মদিনত কিতাপ প্ৰকাশ কৰি উপহাৰ দিয়াৰ খবৰে এখন সুস্হ সমাজৰ ঐতিহ্য বহন কৰে। বৰ্তমান সময়ৰ অস্থিৰ পৰিবেশত কিতাপ পঢ়া আৰু লিখা মানুহৰ সংখ্যা কমি অন্য ধৰণৰ স্তাৱকৰ সংখ্যা বৃদ্ধি পাইছে । ফলত চিন্তা চেতনাত সমাজ স্খলনৰ ঢৌ উঠিছে । এনে পৰিবেশৰ পৰা মুক্ত হ’বলৈ আমি নিজেই এটা নতুন পৰিবেশ গঢ় দিব লাগিব । স্খলিত সমাজ ব্যৱস্থা ৰোধৰ ক্ষেত্ৰত লেখকসকলৰ দায়িত্ব সৰ্বাধিক বুলি এইদৰে কয় বিশিষ্ট সমালোচক প্ৰভাত বৰাই । অসমৰ বিভিন্ন কাকত আলোচনীত মৌলিক ৰচনা,সাহিত্য সমালোচনা আদিৰে পাঠক সমাজৰ ওচৰত বৰ্তমান সময়ত এটা চিনাকি নাম কুমাৰ বিভূতি । ব্যতিক্ৰমী লেখাৰে সাহিত্য ক্ষেত্ৰখনত আজি সুদীৰ্ঘ দিন ধৰি কৰি অহা কামসমূহক একত্ৰ ৰূপত থূপাই কণমানি জীয়াৰী দস্মিতাৰ ওপজা দিনত উপহাৰ হিচাপে তুলি দিছে অসমীয়া সাহিত্যৰ নিৰ্বাচিত আলোচনাৰ সংকলন “অনুকলন”।পূৰ্বায়ন প্ৰকাশনে গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা আৰু সমালোচক প্ৰভাত বৰাই উন্মোচন কৰা সংকলনখনৰ লেখক কুমাৰ বিভূতিয়ে কয় যে কিতাপ এখনৰ পৃষ্ঠাৰ মাজত বিচাৰি পোৱা শক্তি সঁচাকৈয়ে ভয়ংকৰ,এই শক্তিৰ প্ৰভাৱ ব্যক্তি অনুযায়ী ভিন ভিন । পঠনৰ অভ্যাসে মানুহৰ মনোযোগ, স্মৃতিশক্তি,সহানুভূতি আৰু যোগাযোগৰ দক্ষতা বৃদ্ধি কৰে। ই মানসিক চাপ কমাব পাৰে, মানসিক স্বাস্থ্য উন্নত কৰিব পাৰে, আৰু দীৰ্ঘদিন জীয়াই থকাত সহায় কৰিব পাৰে । পঠনৰ জৰিয়তে নতুন নতুন কথা শিকিব পাৰি যাৰ দ্বাৰা সফল জীৱন প্ৰাপ্তিৰ এক ধাৰণা পাব পাৰে । কিন্তু আপুনি কি কিতাপ পঢ়িব সেয়া নিৰ্ধাৰণ কৰিব আপুনি নিজেই । অৱশ্যে কোনবোৰ কিতাপ পঢ়িবলৈ ভাল সেয়া নিৰপেক্ষ সমালোচকৰ দৃষ্টিৰে চাবলৈ যেন অপেক্ষা কৰি ৰয় বহুতো পাঠক । মানুহৰ চুটি জীৱনটোত আপুনি কিমান পঢ়িব সেয়া আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত বিষয় । কিন্তু গল্প,কবিতা, উপন্যাস,প্ৰৱন্ধৰে ঠাঁহ খাই থকা কিতাপৰ জগতখনৰ খবৰ আলোচনা হৈ থাকিলে পাঠকে বিচাৰি ফুৰা কিছু কথাৰ উমান হাততে পায় । তেনে উমান দিয়াৰ বাটত লেখক-সমালোচকৰ সংঘাত থাকিলেও গভীৰ আশাৰেই যেন পাঠকৰ হাতত তুলি দিব খুজিছোঁ ”অনুকলন”। যিখিনি সময়ত অসমীয়া ভাষাৰ প্ৰতি দুৰ্যোগ নামি অহাৰ খবৰে চৌদিশে তোলপাৰ লগাইছে সেইখিনি সময়তে নিজৰ সন্তানক মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰোৱাৰ সঠিক সিদ্ধান্তৰে কন্যাৰ জন্মদিনত উপহাৰ দিছে অসমীয়া সাহিত্যৰ নিৰ্বাচিত আলোচনাৰ এখন ব্যতিক্ৰমী গ্ৰন্থ। গ্ৰন্থখনত অসমীয়া জাতিৰ পিতৃ স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি বহুকেইজন বিশিষ্ট সাহিত‌্যিকৰ সাহিত্যকৃতিৰ অৱলোকনৰ লগতে কেইবাটাও জনগোষ্ঠীৰ ঐতিহ্য আৰু পৰম্পৰাই গ্ৰন্থখনত ঠাই পাইছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে গ্ৰন্থখনে অসমীয়া সাহিত্যৰ ছাত্ৰ ছাত্ৰীসকলক পাঠ্যক্ৰমৰ বিভিন্ন উৎসৰ ক্ষেত্ৰটো সহায় কৰাৰ সম্ভাৱনা আছে । কবি নয়নজ্যোতি দাসে আঁতধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট কবি জীৱন নৰহ,ডা° প্ৰয়াগ শ‌ইকীয়া,সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলাৰ সম্পাদক ৰাজু সমীৰণ,সঞ্জীৱ সাগৰ চৌধুৰী, নীলকমল বৰা,লীৰা নেওগ, উৎপলা বৰা,দেবেন শ‌ইকীয়া, দেৱানন্দ মহন্ত,গণেশ বৰা,দুলাল বৰা,দীপজ্যোতি বৰা আদি উপস্থিত থাকি এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author