গোলাঘাটত দিন–দুপৰতে সংঘটিত হয় লোমহৰ্ষক ঘটনা। গোলাঘাটৰ হিন্দী স্কুল ৰোডত সংঘটিত এই ভয়ংকৰ ঘটনাত নিহত হয় ৩গৰাকীকৈ লোক। ঘটনাৰ বিৱৰণী অনুসৰি, জোঁৱায়েকে পত্নী আৰু শহুৰেক–শাহুৱেকক হত্যা কৰি ঘৰৰ ভিতৰতে পেলাই থৈ যায় মৃতদেহ। স্থানীয় লোকে কাজিয়াৰ সূত্ৰপাত হোৱাৰ খবৰ পাই উক্ত ঘৰত উপস্থিত হৈ প্ৰত্যক্ষ কৰে তিনিটা মৃতদেহ।
মৃত লোককেইজন হৈছে শহুৰেক সঞ্জীৱ ঘোষ, শাহুৱেক জুনু ঘোষ আৰু স্ত্ৰী সংঘমিত্ৰা ঘোষ৷ আক্ৰমণকাৰী জোঁৱায়েক নাজিবুৰ ৰহমান বৰাই ঘটনা সংঘটিত কৰিয়ে ৯ মহীয়া সন্তানক লৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে। চোকা অস্ত্ৰৰে শৰীৰত আঘাত কৰি হত্যা কৰা নাজিবুৰ ৰহমান বৰাই পূৰ্বে কোনো অপৰাধৰ বাবে কাৰাবাস খাটিছিল। নাজিবুৰৰ ঘৰ গোলাঘাটৰ ফৰেষ্ট গেটত। তিনি বছৰ পূৰ্বে বিবাহ হৈছিল নাজিবুৰৰ। ইছলামপট্টিৰ এটা ভাৰাঘৰত আছিল নাজিবুৰ।
স্থানীয় লোকৰ মতে, পাৰিবাৰিক সংঘাতৰ বাবেই এই ঘটনা সংঘটিত হৈছে। বিবাহ বিচ্ছেদ বিচাৰি নাজিবুৰ ৰহমান বৰাই পত্নী সংঘমিত্ৰা ঘোষক মেছেজ দি থকাৰ পৰা এই কথা অনুমান কৰা হৈছে। পত্নী সংঘামিত্ৰাৰ পৰা বিচ্ছেদ বিচাৰিছিল যদিও সংঘমিত্ৰাই অমান্তি হোৱাত ভাবুকি প্ৰদান কৰিছিল। এই ঘটনাক লৈ নাজিবুৰৰ সৈতে সংঘাত তীব্ৰতৰ হৈছিল। আৰু আজি ঘটনাই চূড়ান্ত অপ্ৰীতিকৰ ৰূপ লয়। ঘটনাৰ পিছতে সন্ধানহীন হৈ থকা ৯ মহীয়া শিশু আৰু নাজিবুৰ ৰহমানক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। কিন্তু কিছু সময়ৰ পিছতে সন্তানসহ থানাত উপস্থিত হয় নাজিবুৰ ৰহমান।