গোলাঘাটত ১২ বছৰীয়া কিশোৰীৰ দেহত জাপানীজ এনকেফেলাইটিছ, আতংকিত হৈ পৰিছে গাঁওবাসী!

0 min read

গোলাঘাট জিলাৰ মৰঙি স্বাস্থ্য খণ্ডৰ অধীনৰ ৩নং ভোলাগুৰি গাঁৱত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ৷ গাওঁখনৰ এগৰাকী ১২ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত ৷

বৰপথাৰ চুকলি গাঁৱত আত্মীয়ৰ ঘৰত ফুৰিবলৈ গৈ অসুস্থ হৈ পৰে কিশোৰীগৰাকী ৷ পৰীক্ষা নিৰীক্ষাৰ অন্তত ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰে জাপানীজ এনকেফেলাইটিছ ৷ যাৰ বাবে আতংকিত হৈ পৰে গাঁওবাসী।

উল্লেখ্য যে, গাঁওখনত স্বাস্থ্য বিভাগৰ পৰা প্ৰতিটো পৰিয়ালৰ আঠুৱাসমূহ ঔষধিকৰণৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে ছাত্ৰীগৰাকী গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ক্ৰিটিকেল কেয়াৰত চিকিৎসাধীন হৈ আছে।

You May Also Like

More From Author