বৃক্ক হৈছে মানৱ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। কিডনিয়ে শৰীৰৰ পৰা সকলো বেয়া পদাৰ্থ আঁতৰাই পেলায়। বৃক্কে কেৱল তেজ বিশুদ্ধ কৰাত সহায় কৰাই নহয়, শৰীৰৰ তৰল পদাৰ্থ আৰু নিমখৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, ৰক্ত উৎপাদনত সহায় কৰে, শৰীৰত ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। গতিকে সুস্থ হৈ থাকিবলৈ হ’লে বৃক্ক সুস্থ কৰি ৰাখিব লাগিব। চিকিৎসকৰ মতে যদি এই লক্ষণসমূহ আপোনাৰ শৰীৰত দেখা দিয়ে, তেন্তে সাৱধান হওক, হ
চকু ফুলা- পৰ্যাপ্ত টোপনিৰ পিছতো যদি চকুৰ তল ফুলা কমি নাযায়, তেন্তে বুজিব লাগে যে বৃক্কৰ কাম-কাজত সমস্যা আছে। বৃক্কই তেজৰ পৰা পুষ্টিকৰ পদাৰ্থ ফিল্টাৰ কৰি প্ৰদূষক আঁতৰাবলৈ অক্ষম। ফলত তেজত থকা প্ৰটিন প্ৰস্ৰাৱত মিহলি হৈ পৰে। ইয়াৰ ফলত চকুৰ আশে-পাশে ফুলি উঠিব পাৰে।
প্ৰস্ৰাৱৰ সঘনতা– বেছি পানী নোখোৱা কিন্তু সঘনাই প্ৰস্ৰাৱ কৰাটো বৃক্ক বিকল হোৱাৰ লক্ষণ। পুৰুষৰ ক্ষেত্ৰত এই লক্ষণে কেতিয়াবা প্ৰষ্টেট সমস্যাৰো ইংগিত দিয়ে।
ভোকহীনতা- বৃক্কই ভালদৰে কাম নকৰা হ’লে খাদ্য খোৱাৰ হেঁপাহ নাইকিয়া হ’ব পাৰে। যদি কিডনীয়ে স্বাভাৱিকভাৱে কাম নকৰে তেন্তে শৰীৰত ‘টক্সিন’ৰ পৰিমাণ বৃদ্ধি পায়, ফলত খাদ্য খোৱাৰ ইচ্ছা কমি যাব পাৰে।
বমি- বৃক্কৰ ক্ষতি হ’লে প্ৰস্ৰাৱৰ দ্বাৰা শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ বা ক্ষতিকাৰক পদাৰ্থ বাহিৰ নহয়। বৃক্কৰ সমস্যাৰ ফলত সেই ক্ষতিকাৰক পদাৰ্থবোৰ শৰীৰত জমা হয়। ইয়াৰ ফলত বমি হ’ব পাৰে।
শুকান ছাল–শৰীৰৰ পৰা প্ৰদূষক আঁতৰোৱাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ ৰক্তকণিকা উৎপাদন কৰা, বিভিন্ন খনিজ পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰা, হাড়ৰ স্বাস্থ্য–এই সকলোবোৰ বৃক্কৰ ওপৰত নিৰ্ভৰশীল। তেজত বিভিন্ন মৌল সঠিক মাত্ৰাত নাথাকিলে ছাল শুকান হৈ পৰে।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।