নিউজ ব্যুৰ’,নগাঁও,১৫জুলাই :– জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা জিলা জল আৰু স্বচ্ছতা অভিযান(DWSM)-ৰ সকলো বিষয়াৰ সৈতে এখন বৈঠকত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শনিবাৰে নগাঁও জিলাৰ সকলো সংমণ্ডলৰ অন্তৰ্গত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ বিতং খতিয়ান লয় । ইয়াৰ উপৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জল জীৱন মিছন অভিলাষী আঁচনি অনুসৰি গ্ৰাম্যাঞ্চলৰ সমগ্র জনগণে নলযোগে বিশুদ্ধ খোৱা পানী লাভ কৰাৰ লক্ষ্য আগত ৰাখি,নগাঁও জিলাখনত আঁচনিসমূহ সম্পূর্ণভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্রত আহি পৰা বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ বাবে আঁচনি তথা পদক্ষেপসমূহৰ পর্যালোচনা কৰি বিভাগীয় বিষয়াক এক নির্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে । মন্ত্ৰী বৰুৱাই অধ্যক্ষতা কৰা বৈঠকত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে জিলাখনত ইতিমধ্যে কামবোৰ যথেষ্ট তীব্ৰগতিত আগবাঢ়িছে আৰু অতি কম সময়ৰ ভিতৰত কামসমূহ সম্পূৰ্ণ হ’ব। তেওঁ লগতে উল্লেখ কৰে যে যোৱা দুদিন কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত হোৱা আলোচনাৰ পিছত এইয়া নিশ্চিত যে নগাঁও জিলাত উপৰোক্ত জিলা দুখনৰ দৰে ভূমিখণ্ড সম্বন্ধীয় সমস্যা নাই তথাপিও আঁচনিসমূহ সম্পূর্ণভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আহিব পৰা সাম্ভাব্য সমস্যাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰাৰ পূৰ্বে মন্ত্ৰী বৰুৱাই নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত টকৌবাৰীত এখন ৰাজহুৱা সভা সম্বোধন কৰি টকৌবাৰী পানী যোগান আঁচনি মুকলি আৰু আন ৯টা নলযোগে পানী যোগান আঁচনি ভার্চুৱেলী মুকলি কৰাৰ লগতে বিৰহ বেবেজীয়া ১নং নলযোগে পানী যোগান আঁচনি আৰু বহুৱাচুক পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে। সদৰ সমষ্টিত মন্ত্ৰী বৰুৱাই মুকলি কৰা আঁচনিসমূহ হৈছে–১)নিজ কাছমাৰী পানী যোগান আঁচনি,২)পশ্চিম শেনচোৱা পানী যোগান আঁচনি,৩)
শেনচোৱা পানী যোগান আঁচনি,৪)
বিৰহ বেবেজীয়া পানী যোগান আঁচনি,৫)খুটিকটীয়া পানী যোগান আঁচনি,৬)কুৰুৱাবাহী পানী যোগান আঁচনি,৭)লোমাটি পানী যোগান আঁচনি,৮)জলাহগাঁও পানী যোগান আঁচনি আৰু ৯)ৰণথলী পানী যোগান আঁচনি । ইয়াৰোপৰি পৰ্যটন মন্ত্ৰী বৰুৱাই নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত প্রশান্তি টুৰিষ্ট ল’জটো পৰিদর্শন কৰি অতিথিগৃহটোৰ নবীকৰণৰ বাবে কি কি নতুন প্ৰচেষ্টা ল’ব পাৰি সেই বিষয়ত বিভাগীয় বিষয়াবর্গৰ সৈতে আলোচনাত মিলিত হয়। উল্লেখ্য যে শনিবাৰৰ দিনজোৰা কাৰ্যসূচীত নগাঁও জিলাৰ বিধায়কসকল,জিলা উপায়ুক্ত আৰু অনান্য বিভাগীয় বিষয়ববীয়া উপস্থিত থাকে।