নৱম শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীকে দিয়া হ’ব চাইকেল !

1 min read

কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত উদ্যোগ খণ্ড, হিতাধিকাৰীসকলৰ বাবে নতুন সিদ্ধান্তৰ লগতে চাহ বাগিচা অঞ্চলৰ মডেল স্কুলৰ বাবে শিক্ষক নিযুক্তি আদি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বুধবাৰে জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী বিমল বৰাই সংবাদমেলৰ জৰিয়তে কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ পোৱা ছাত্ৰীক আৰু ৭৫ শতাংশ পোৱা ছাত্ৰক স্কুটী দিব। আনহাতে, এইবছৰ অসমৰ নৱম শ্ৰেণীৰ ৩ লাখ ৭৮ হাজাৰ ছাত্ৰ–ছাত্ৰীক চৰকাৰে চাইকেল দিব।

এই চাইকেল প্ৰদানৰ প্ৰসংগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ফেচবুকযোগে এইদৰে উল্লেখ কৰে – অসম কেবিনেটে ৰাজ্যৰ ৪,৩৭২ খন চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ৩,৭৮,০০০ গৰাকী শিক্ষাৰ্থী (ল’ৰা আৰু ছোৱালী উভয়)ৰ বাবে চাইকেল ক্ৰয়ত আজি অনুমোদন জনাইছে। ইয়াৰ বাবে কেবিনেটে ১৬৭.৯৫ কোটি টকাৰ অনুমোদন দিয়ে। চাইকেলসমূহ Governmnet e-marketplace (GeM) প’ৰ্টেলৰ জৰিয়তে ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হৈছে।”

You May Also Like

More From Author