বিজেপি নেতাই আদিবাসী যুৱকৰ গাত কৰিলে প্ৰস্ৰাৱ, ভাইৰেল ভিডিঅ’ৰ পিছতেই অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

1 min read

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা মানৱ জাতিক লজ্জানত কৰা এটা ভিডিঅ’। মধ্য প্ৰদেশৰ সিধী জিলাৰ বিজেপি নেতা প্ৰবেশ শুক্লাৰ এটা ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে সুৰামত্ত অৱস্থাত বিজেপি নেতা প্ৰবেশ শুক্লাই এজন মানসিক বিকাৰগ্ৰস্ত আদিবাসী যুৱকৰ গাত প্ৰস্ৰাৱ কৰি আছে। সমগ্ৰ বিষয়টো চৰ্চালৈ অহাৰ লগে লগে বিজেপিয়ে শুক্লা দলত থকা বিষয়টোক অগ্ৰাহ্য কৰি চলিছে। ঘটনাটো সম্পৰ্কত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে NSAৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

খবৰ অনুসৰি, প্ৰবেশ শুক্লা হৈছে বিজেপিৰ বিধায়ক কেদাৰনাথ শুক্লাৰ প্ৰাক্তন বিধায়ক প্ৰতিনিধি। তেওঁৰ এই ভিডিঅ’টো ৯ দিন পুৰণি বুলি কোৱা হৈছে। ভিডিঅ’টো ছিধি জিলাৰ কুবাৰী বজাৰৰ। বজাৰৰ পদপথত বহি আছিল এজন মানসিক বিকাৰগ্ৰস্ত আদিবাসী যুৱক। প্ৰবেশ শুক্লাই মদ্যপান কৰি তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল আৰু কোনোবাই সেই ঘটনাৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত বিয়পাই দিয়ে।
আদিবাসীৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ হ’ব লাগেঃ কংগ্ৰেছৰ মন্তব্য
এই ঘটনাক লৈ কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথে কয় যে, “এই ঘটনাক লৈ সমগ্ৰ মধ্যপ্ৰদেশ লজ্জিত। সিধী জিলাৰ এজন আদিবাসী যুৱকৰ ওপৰত প্ৰস্ৰাৱ কৰা বৰ্বৰতাৰ ভিডিঅ’ চৰ্চালৈ আহিছে। আদিবাসী সমাজৰ যুৱক-যুৱতীসকলৰ সৈতে এনে জঘন্য আৰু পতিত কাণ্ডৰ কোনো স্থান নাই সভ্য সমাজত। দোষীক কঠোৰতম শাস্তি দিব লাগে আৰু মধ্যপ্ৰদেশৰ আদিবাসীসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ অন্ত পেলাব লাগে বুলি মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছো।”

গা এৰা দিলে বিজেপিয়ে
আনহাতে, অভিযোগ আৰু গৰিহণাত বিৰক্ত হৈ বিজেপিয়ে কয় যে প্ৰবেশ শুক্লাৰ দলৰ লগত কোনো সম্পৰ্ক নাই। বিজেপিৰ মুখপাত্ৰ আশীষ আগৰৱালাই কয় যে, “প্ৰবেশ শুক্লা নামৰ ব্যক্তিজনৰ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে কোনো সম্পৰ্ক নাই। জনজাতীয় সমাজৰ বিৰুদ্ধে হ’বলগীয়া প্ৰতিটো জঘন্য কাণ্ডৰ বিৰোধিতা সদায় ভাৰতীয় জনতা পাৰ্টিয়ে কৰিব।”

মুখ্যমন্ত্রীয়ে কঠোৰ প্ৰতিক্ৰিয়া প্রকাশ কৰে৷
ভাইৰেল ভিডিঅ’টোৰ প্ৰতি লক্ষ্য ৰাখিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। তেওঁ টুইট কৰি কয় যে তেওঁ প্ৰশাসনক নিৰ্দেশ দিছে যে, “দোষীক যিকোনো মূল্যৰ বিনিময়ত মুকলি কৰি দিব নালাগে। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দোষীৰ ওপৰত NSA ৰ অধীনত তদন্ত হ’ব লাগে। ইয়াৰ পিছত আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি NSAৰ অধীনত গোচৰ ৰুজু কৰে।” সিধীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জুলতা পাটলে কয় যে, “ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আমি তদন্ত কৰি আছো এই ভিডিঅ’টোত কোন আছে। অৱশ্যে প্ৰবেশ শুক্লাৰ বিৰুদ্ধে বেহাৰী থানাত ভাৰ্তীয় দণ্ডবিধি আইনৰ ২৯৪ আৰু ৫০৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। একে সময়তে অনুসূচিত জাতি/জনজাতি আইনৰ ধাৰা ৩(১)(ৰ)(সমূহ)ও জাৰি কৰা হৈছে।

বিজেপিৰ গৰিহণা
উক্ত ঘটনা সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভি ডি শৰ্মাই টুইট কৰে। এইখিনিতে তেওঁ লিখিছে, “সিধী জিলাত সংঘটিত হোৱা অমানৱীয় ঘটনাক মই তীব্ৰ গৰিহণা দিছো। মধ্য প্ৰদেশৰ অপৰাধীক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ’ব। ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে অৱগত কৰি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু NSA জাপি দিয়াৰ ইতিমধ্যে নিৰ্দেশ দিছে।

You May Also Like

More From Author