মূলসুঁতিলৈ উভতিল : মুখ্যমন্ত্ৰীৰ হাতত ৫ আদিবাসী বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সম্বৰণ

0 min read

সুদীৰ্ঘ ১৮ বছৰৰ অন্তত সশস্ত্ৰ সংগ্ৰামৰ অন্ত পৰিল আদিবাসী পিপুলছ আৰ্মি (আপা) আদিবাসী বিদ্ৰোহী সংগঠনটোৰ৷ ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ পিছতেই ঐতিহাসিক সিদ্ধান্ত৷ ঢেকিয়াজুলিৰ ধলগুৰিত আদিবাসী পিপুলছ আৰ্মি সংগঠনৰ অস্থায়ী শিবিৰত ফ্লেগ ডাউন কাৰ্যসূচী।

অস্ত্ৰৰে কেতিয়াও সমস্যা সমাধান নহয়৷ আলোচনাইহে সমস্যা সমাধান কৰে৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ঐতিহাসিক পদক্ষেপত সুদীৰ্ঘ ১৮ বছৰ সশস্ত্ৰ সংগ্ৰামৰ অন্তত ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ পিছতেই আজি আদিবাসী পিপুলছ আৰ্মি চমুকৈ আপাৰ পৰিসমাপ্তি ঘটিল৷ ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ পিছত আজি গুৱাহাটীত আদিবাসী পিপুলছ আৰ্মি (আপা)কে ধৰি ৰাজ্যৰ ৫টাকৈ আদিবাসী সশস্ত্ৰ সংগঠনৰ ৮টা গোটে চৰকাৰৰ হাতত অস্ত্ৰ সম্বৰণ কৰিলে৷

ইয়াৰ লগে লগে সুদীৰ্ঘ ১৮ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ পৰিসমাপ্তি ঘটিল আদিবাসী পিপুলছ আৰ্মি(আপা) নামৰ সংগঠনটোৰ৷ আজি গুৱাহাটীত ৫টাকৈ আদিবাসী সশস্ত্ৰ সংগঠনে অস্ত্ৰ সম্বৰণ কৰিলে

You May Also Like

More From Author