মেট্ৰ’ যাত্ৰাত নিব পাৰিব সুৰা; স্পষ্ট কৰিলে দিল্লী মেট্ৰ’ কৰ্তৃপক্ষই…

1 min read

এতিয়াৰে পৰা দিল্লী মেট্ৰ’ত যাত্ৰা কৰোতে যাত্ৰীয়ে কঢ়িয়াব পাৰিব সুৰা। এই কথা স্পষ্ট কৰিলে দিল্লী মেট্ৰ’ ৰে’ল বিভাগে। পিছে এই অনুমতি প্ৰদান কৰিলেও সীমিতভাৱেহে সুৰা নিব পাৰিব বুলি প্ৰকাশ কৰিছে বিভাগটোয়ে।

এক টুইটযোগে বিভাগটোৱে কয় যে, দিল্লীৰ মেট্ৰ’ ৰে’লত যাত্ৰা কৰোতে যাত্ৰীয়ে লগত নিব পাৰিব সুৰাৰ বটল। পিছে এজন যাত্ৰীয়ে দুটাতকৈ অধিক সুৰাৰ বটল লগত নিব নোৱাৰিব। লগতে চীল থকা হ’ব লাগিব উক্ত সুৰাৰ বটল। উল্লেখ্য যে, শেহতীয়াকৈ এয়াৰপৰ্ট এক্সপ্ৰেছ লাইনৰ বাহিৰে দিল্লী মেট্ৰ’ত সুৰা কঢ়িওৱা নিষিদ্ধ কৰা হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীৰ মাজত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পৰৱৰ্তী সময়ত, চিআইএছএফ আৰু ডিএমআৰচিৰ বিষয়াসকলকলৈ গঠিত এখন সমিতিয়ে তালিকাৰ পৰ্যালোচনা কৰে আৰু সংশোধিত তালিকা অনুসৰি, বিমানবন্দৰ এক্সপ্ৰেছ লাইনৰ ব্যৱস্থাৰ সমান্তৰালভাবে দিল্লী মেট্ৰ’ত প্ৰতিজন ব্যক্তিৰ বাবে দুটা চীল কৰা সুৰাৰ বটল কঢ়িয়াই নিয়াৰ অনুমতি দিয়ে।

আনহাতে মেট্ৰ’ চৌহদৰ ভিতৰত সুৰা পান কৰাটো এতিয়াও কঠোৰভাৱে নিষিদ্ধ। মেট্ৰ’ যাত্ৰীসকলক ভ্ৰমণৰ সময়ত সঠিক শালীনতা বজাই ৰাখিবলৈ অনুৰোধ জনাই দিল্লী মেট্ৰ’ ৰে’ল বিভাগে।

You May Also Like

More From Author