আমি ভাৰতীয় সকলৰ বাবে শাওণ মাহ অতিকে গুৰুত্বপূৰ্ণ মাহ।
এই মাহটোত মহাদেৱৰ পূজা কৰোতে আপোনালোক সকলোৱে চাকি, ধূপ, ধূণা, নৈবেদ্যৰ লগতে ডম্বৰুৰ ধ্বনি মহাদেৱৰ শ্ৰী চৰণত অৰ্পণ কৰিব।
সমুদ্র মন্থনত উৎপন্ন হোৱা, বিষ মহাদেৱে পান কৰিছিল। সেয়হে তেতিয়া শিৱৰ শক্তি হ্ৰাস হৈছিল। আৰু তেওঁ পুনৰাই শক্তি আহৰণৰ বাবে গাখীৰ আৰু বেলপাত গ্ৰহণ কৰিছিল বুলি মান্যতা আছে।
সেইকাৰণে কৰ্মত বাধা বিঘিনি কমিবলৈ আৰু শক্তি আহৰণ কৰিবৰ কাৰণে আমি গাখীৰ আৰু বেলপাত শিৱ লিংগত অৰ্পন কৰিব লাগে।
দক্ষ ৰজাৰ অভিশাপত যেতিয়া চন্দ্রৰ মৃত্যু হয় তেতিয়া শিৱই চন্দ্রক জীৱন দান দি নিজৰ জটাত ধাৰণ কৰিছিল।
যিহেটো চন্দ্র পানীৰ কাৰক। সেয়ে বাধা বিঘিনি কমিবলৈ মহাদেৱক জল দিয়া হয়।
শাওন মাহটো,আধ্যাত্মিক মাহ বুলি আমি সকলোৱে জানো, ঠিক তেনেদৰে শাওণ মাহটো প্ৰেমৰ মাহ বুলি অভিহিত কৰা হয়।
এই মাহত আপোনালোকে শুদ্ধ অন্তৰৰে ভগৱান শিৱক স্তুতি কৰিব পাৰিলে বা আৰাধনা কৰিব পাৰিলে, ভগৱান শিৱ বহু সহজতে আৰু সোনকালে সন্তস্ত হয়।
শাওন মাহৰ সোমবাৰে, অবিবাহিত যুৱতীসকলে শিৱ লিংগত গাখীৰ পানী আৰু বেলপাত দি স্তুতি কৰিলে, অথবা নিৰ্জল ব্ৰত পালন কৰিলে, তেতিয়া এজন উপযুক্ত জীৱন সংগী লাভ কৰিবলৈ সক্ষম হয়। আনহাতে বিবাহিত মহিলাসকলেও মহাদেৱক শুদ্ধ অন্তৰৰে স্তুতি কৰিলে বা কামনা কৰিলে তেওঁলোকৰ স্বামীৰ শ্ৰী বৃদ্ধি হয়। ( Religious Studies )
শাওন মাহত বৰ্ষা ঋতুৰ আগমনৰ ফলত জলাধাৰ সৃষ্টি হয়। এই মাহত অধিক জলাশয়ৰ বাবে সূৰ্য্য আৰু চন্দ্রৰ কিৰণ মানুহৰ ওপৰত কমকে পৰে। ফলত পাশ্বন ক্ৰিয়া কমকে হয়। জলীয় বাষ্প অধিকত্বৰ হোৱা বাবে, জ্বৰ, কাঁহ, পানীলগা আদি অধিক পৰিমাণে বৃদ্ধি পায়।
এই মাহত দুগ্ধ পান নিষিদ্ধ।
গায় গৰুৱে, মৃত কীট পতংগ মিশ্ৰিত ঘাঁহ বন খায়। সেয়হে গাখীৰ বিশুদ্ধ নহয়।
আনহাতে শাক পাচলিটো মৃত কীট পতংগ থাকে বাবে, শাক পাচলিও খোৱা নিষিদ্ধ।
শাওন মাহত মাছ মাংসও খোৱা নিষিদ্ধ কাৰণ এই মাহত মাছ কাছ আদিয়ে গৰ্ভধাৰণ কৰে। ফলত মানুহে খালে শৰ্মা বিক্ৰিয়াৰ প্ৰভাৱ পেলায়।।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।