সাৱধান! জনছন এণ্ড জনছন বেবী পাউদাৰৰ পৰা হ’ব পাৰে কেঞ্চাৰ

0 min read

শিশুৰ বাবে ব্যৱহাৰ কৰা জনছন এণ্ড জনছন পাউদাৰক লৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। শিশুৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। লগতে এই পাউদাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানক মোটা অংকৰ জৰিমনা বিহা হৈছে। সম্প্ৰতি আমেৰিকাৰ এটা ঘটনা পোহৰলৈ আহিছে। জনছন এণ্ড জনছনৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ।

সম্প্ৰতি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত এজন ব্যক্তিয়ে অভিযোগ কৰিছে, এই পাউদাৰৰ পৰাই তেওঁ মেছোথেলিয়োমাত আক্ৰান্ত হৈছে।

মেছোথেলিয়োমা এক ধৰণৰ কেঞ্চাৰ। সাধাৰণতে পাকস্থলী, হাওঁফাওঁ ইত্যাদি অংগৰ বাহিৰৰ আৱৰণত এই কেঞ্চাৰ হয়। কেলিফৰ্ণিয়াৰ অকলেণ্ডৰ ষ্টেট ক’ৰ্টে নিৰ্দেশ দিছে, জনছন এণ্ড জনছনে প্ৰায় ১৪৭ কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব।

এই পাউদাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ১০ হাজাৰৰো অধিক অভিযোগ আছে। কিন্তু হাৰ্নানডেজ ভালাডেজ নামৰ ব্যক্তিজনৰ গোচৰত আদালতে প্ৰতিষ্ঠানটোক এই বৃহৎ পৰিমাণৰ জৰিমনা আদায় দিয়াৰ নিৰ্দেশ দিছে।

You May Also Like

More From Author