শাওণ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত নাগ পঞ্চমী দিন হিচাপে পালন কৰা হয়। নাগ বা সৰ্প,মহাদেৱৰ ডিঙিত এডাল সৰ্প থাকে( Religious Studies )।
সেয়া হৈছে বাসুকী নাগ। এডাল অত্যন্ত প্ৰবিত্ৰ সৰ্প।
ঠিক সেইদৰে ভগৱান বিষ্ণুৰ মূৰৰ ওপৰটো এডাল সৰ্প থাকে। যাক কোৱা হয়, শ্ৰেচ নাগএডাল অত্যন্ত প্ৰবিত্ৰ সৰ্প।
হিন্দু সমাজত নাগক পূজা কৰা হয়। নাগ দেৱতাৰ ৰূপ, সেয়ে নাগ আমাৰ হিন্দু সমাজত প্ৰাচীন কালৰে পৰা আৰাধ্য হিচাপে মানি অহা হৈছে। শাওণ মাহৰ শুক্ল পক্ষৰ তিথিত প্ৰকৃততে সৰ্প পূজন কৰা হয়। এই দিনটো বিশেষ ভাৱে সৰ্প পূজনৰ বাবে উৎসৰ্গা কৰা হয়। সেইবাবে এই দিনটো নাগ পঞ্চমী কোৱা হয়।
মহাদেৱে যেতিয়া বিষ পান কৰিছিল, যি বিষ সমুদ্র মন্থনৰ সময়ত সমুদ্রৰ গৰ্ভৰপৰা ওলাইছিল, সেই বিষৰ কেইটুপালমান সৰ্পইও পান কৰিছিল। তেতিয়া পৰা কোৱা হয়, সৰ্পত বিষ থাকে।ভগৱান শ্ৰী কৃষ্ণই কালীয়ানাগক পৰাস্ত কৰি বৰদান দিছিল যে, শাওণ মাহৰ শুক্ল পক্ষৰ তিথিত সৰ্পক পূজন কৰা হব। শাস্ত্ৰৰ মতে, তেতিয়া পৰা এই দিনত বিশেষভাৱে সৰ্পক পূজন কৰা হয়।
সাপ, নাগ, বা সৰ্প। সৰ্প হৈছে প্ৰকৃততে শক্তিৰ প্ৰতীক। সৰ্প হৈছে আমাৰ ভিতৰত শুই থকা চেতনাৰ প্ৰতীক। সৰ্প হৈছে কুণ্ডলনী শক্তিৰ ২টা শক্তি বাদ দি, বাকী কেইটা শক্তিৰ এটা ৰূপ। ত্ৰীদেৱৰ দুজন ভগৱানৰ ওচৰত দুডাল প্ৰবজত্ৰ সৰ্প আছে। শাস্ত্ৰত কোৱা হয় ৮ ডাল সৰ্প আছে, যাক পূজন কৰা হয়। বৰতৰ বাবে বিধিত, ৮ডাল সৰ্পক বহুতো প্ৰবিত্ৰ বুলি গণ্য কৰা হয়। সেয়া হৈছে, বাসুকী নাগ, শ্ৰেচ নাগ, অনন্ত নাগ, পদ্ম নাগ, তক্ষক নাগ, কৰ্কট নাগ, শংখ নাগ আৰু কলি নাগ। এইকেইডাল নাগৰ কথা, শাস্ত্ৰত উল্লেখ আছে।
নাগ পঞ্চমীৰ প্ৰসংগত, যি লোকে সপোনত প্ৰায় সাপ দেখা পায়। (কাট চিত দেখাটো বেলেগ কথা),যি মানুহৰ ঘৰত সদায়ে সাপ সোমাই, এনে লোকো থাকে যে, যিয়ে যতে যায়, তাত সাপ দেখা পায় নতুবা আপোনাৰ ঘৰত যদি কোনোবাই সাপ নিধন কৰিছে, তেনেহলে বুজিব যে, তেনে লোকসকলৰ সৰ্প দুখ আছে। তাতকৈ এটা ডাঙৰ দুখ, আমাৰ কুণ্ডলীত থাকে, সেয়া হৈছে কাল সৰ্প যোগ। যাৰ কাল সৰ্প দুখ আৰু কাল সৰ্প যোগ আছে, সেইসকলৰ বাবে এই নাগ পঞ্চমী দিনটো বিশেষ ভাৱে তাৎপৰ্য্যপূৰ্ণ। এনে লোকে এই দিনত ব্ৰটত থাকি শিৱ লিংগ বা নাগৰ ওপৰত (শিৱ লিংগৰ কিনাৰ ৰূপৰ বা তামৰ এডাল সৰ্পৰ মূৰ্তি থাকে) গাখীৰ আৰু পানী অৰ্পণ কৰি, তেন্তে আপোনাৰ পক্ষে সকলোতকৈ শুভ। ( Religious Studies )
কাল সৰ্প দুখ থকাসকলৰ বাবে, সৰ্প দংশনৰ পৰা মুক্তি পাবৰ বাবে, সেই দোষ খণ্ডন কৰিবৰ বাবে এই দিনটি বিশেষ ভাৱে তাৎপৰ্য্যপূৰ্ণ। প্ৰতিজন মানুহৰ বাবে, যাৰ এনে দুখ আছে, এই দিন তেনেলোকে পালন কৰিব। এই দিনটি ভালদৰে পালন কৰিলে, এই দোষৰপৰা চিৰদিনৰ বাবে মুক্তি পাব।
নাগ পঞ্চমীত কি কি কাম কৰিব আৰু কি কি কাম কৰিব নালাগে!
১/ নাগ পঞ্চমী দিনা মাটি নাখান্দিব। বিশেষ ভাৱে মনত ৰাখিব, এই দিনত মাটি খান্দিব নেপায়। এই দিনত হাল বাবও নাপায়।
২/এই দিনত সৰ্প দেখা পালে, সেৱা কৰিব। এনে দেখা পালে শুভ হয়।
৩/এই দিনত বেলগছ নাকাটিব আৰু বেলপাত নিচিঙিব।
নাগ পঞ্চমী দিনা কি কৰিব।
১/কাল সৰ্প দোষ আৰু কাল সৰ্প যোগ থকা জনে, এই দিনত ব্ৰট ৰাখিব লাগে। তেতিয়া সেইজনৰ বাবে অত্যন্ত শুভ।
২/এই দিনত শিৱ লিংগত গাখীৰ ধালিব। জল অৰ্পণ কৰিব।আপুনি শিৱ লিংগত থকা সেই সৰ্পডাল যি, ৰূপে বা তামেৰে সজোৱা থাকে তাত গাখীৰ ধালি সেৱা জনাব।
৩/আপোনালোকে যদি পাৰে, যাৰ এনে দোষ আছে, তেওঁলোকে কেয়াঁ আঙুলিৰ জুখৰ সমান, ৰূপৰ বা তামৰ সাপ কোনোবা মন্দিৰত দান কৰিব পাৰে। সেয়া জুৰীয়া হব লাগিব। বিজুৰীয়া নহয়। দুডাল সৰ্প একেলগে হব লাগিব।
৪/ কাল সৰ্প দোষ থকাসকলৰ বাবে, যদি আহঁত গছৰ তলত সাপৰ বাবে গাখীৰ খাবলৈ এটা পাত্ৰত গাখীৰ থৈ দিয়ে, সেয়া সৰ্পৰ নামত উৎসৰ্গা কৰে। এইকেইটা কামৰপৰা তেনে দোষ থকাসকলৰ বাবে অত্যন্ত শুভ।
ঘৰত সাপ সুমালে, ভুলটো সৰ্প নিধন নকৰিব। সেয়া নাগ হলে, ঘৰখন ধ্বংস কৰি দিব নহলে নাগিন হলে ঘৰখন ধ্বংস কৰি দিব। সৰ্প দোষ থাকিলে, সঘনাই সপোনত সাপ দেখা যায়। সঘনাই ঘৰত সাপ সোমাব।
শাওণ মাহত সাপ, নাগ, বা সৰ্প আনন্দত মতলীয়া হৈ থাকে।শাস্ত্রত কোৱা হয়, যদি আপুনি সাপক গাখীৰ খোৱাই, সেয়া জীৱন্তও হব পাৰে বা মুৰ্তিও হব পাৰে। মুৰ্তিত গাখীৰ ধলা হয়, তেতিয়া সমস্ত দুখ কষ্ট নাশ হয় আৰু আমাক যথেষ্ট ধন সম্পত্তি দিয়ে।।(কথাখিনি অসমীয়া বাস্ত শাস্ত্ৰৰ পৰা সংগ্রহিত)।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।