উত্তৰাখণ্ডৰ এগৰাকী সংগীত শিক্ষকে সমাজৰ কেতবোৰ বাধা–নিষেধ একাষৰীয়া কৰি উদযাপন কৰিলে কিশোৰী কন্যাৰ প্ৰথম পিৰিডয়ছ। উধম সিং নগৰৰ বাসিন্দা জিতেন্দ্ৰ জমকালোৱে এটা পাৰ্টীৰ আয়োজন কৰিলে কন্যা ৰাগিণীৰ প্ৰথম ঋতুস্ৰাৱ অভিজ্ঞতা প্ৰাপ্তি উপলক্ষে।
সৰুৰে পৰা এই সোঁতৰ বিপৰীতে যোৱাৰ এক প্ৰৱণতা আছিল শিক্ষকজনৰ। তেওঁ দেখি আহিছিল কিদৰে কিশোৰীসকলক দূৰত ৰখা হৈছিল। ‘অশুদ্ধ’ আখ্যা দি সোমাবলৈ দিয়া হোৱা নাছিল পাকঘৰত, চুবলৈ দিয়া নাছিল কোনো সামগ্ৰী। তেতিয়াই তেওঁৰ মনত এই পৰম্পৰা ভংগৰ প্ৰৱণতা জাগিছিল। আৰু নিজৰ কন্যাৰ বেলিকা সেয়া কৰি দেখুৱালে শিক্ষকজনে।
প্ৰথম পিৰিয়ডছ প্ৰাপ্তি উপলক্ষে সামাজিক মাধ্যমত কন্যাক শুভেচ্ছা জনাইছে জিতেন্দ্ৰই। তেওঁৰ পোষ্ট ভাইৰেল হৈ পৰিছে। কন্যাৰ বাবে তেওঁ কিনি আনিছিল ভেগান ৰেড ভেলভেট কেক। তেওঁৰ মতে, ‘‘এনেধৰণৰ এয়া লুকাই কিয় ৰাখিব লাগে? এয়া এক স্বাভাৱিক শৰীৰবৃত্তি যিয়ে উৰ্বৰতা লৈ আচে। আঁৰত লুকাই ৰখাৰ সলনি ইয়াক উদযাপন কৰা উচিত।’’ পাৰ্টীলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৰাগিণীৰ বন্ধুবৰ্গক। উপহাৰ হিচাপে আহে চেনিটেৰী নেপকিন আৰু চকলেট।