ঘগ্ৰাপাৰ থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ে থানাৰ ভিতৰতেই নিশা এগৰাকী অসহায় যুৱতীক বিবস্ত্ৰ হবলৈ বাধ্য কৰি ফটো তোলা ঘটনাই তোলপাৰ লগাইছিল সকলোতে । অৱশ্যে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে এই সন্দৰ্ভত কোনো শাস্তিমূলক সিদ্ধান্ত গ্ৰহণ কৰিব পৰাৰ পূৰ্বৰে পৰাই নিৰুদ্দেশ হৈ আছিল অভিযুক্ত বিমান ৰয় । তাৰ মাজতেই বৃহস্পতিবাৰে পুৱা প্ৰথমে গুৱাহাটীৰ পল্টন বজাৰৰ ৰে’লৱে ষ্টেচনত বিমান ৰয়ক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা বুলি বাতৰি প্ৰকাশ হৈছিল।
অৱশ্যে পৰৱৰ্তী সময়ত এই বাতৰিৰ সত্যাসত্য নিৰূপনৰ পাছত এই ঘটনা পানীখাইতি ৰে’লৱে ষ্টেচনৰ বুলি হে জানিব পৰা যায় । তাৰ পাছতেই পুনৰ এবাৰ বিমান ৰয়ক লৈ সৰৱ হৈ পৰিছে সংবাদ মাধ্যম।
অৱশ্যে পৰৱৰ্তী সময়ত এই বাতৰিৰ সত্যাসত্য নিৰূপনৰ পাছত এই ঘটনা পানীখাইতি ৰে’লৱে ষ্টেচনৰ বুলি হে জানিব পৰা যায় । তাৰ পাছতেই পুনৰ এবাৰ বিমান ৰয়ক লৈ সৰৱ হৈ পৰিছে সংবাদ মাধ্যম।
তথ্য অনুসৰি, বিমান ৰয়ক তেনে অৱস্থাত উদ্ধাৰ কৰা ৰে’লৱে কৰ্মীগৰাকীৰ ভাষ্য অনুসৰি, বিমান ৰয়ে হেনো নিজেই বিহ পান কৰা বুলি জনাইছিল কৰ্মী গৰাকীক । কেৱল এয়াই নহয় বৰং ইয়াৰ সৈতেই কৰ্মীগৰাকীক পানীও বিচাৰিছিল বিমান ৰয়ে।
উল্লেখ্য যে, ৰে’লৱে কৰ্মী এগৰাকীয়ে একে সময়তেই ৰে’লৱে আৰক্ষীক বিমান ৰয়ৰ অৱস্থা সন্দৰ্ভত জ্ঞাত কৰাৰ পাছতেই ৰে’লৱে আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ মান বজাত উন্নত চিকিৎসাৰ বাবে বিমান ৰয়ক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল ।