কোনটো প্লেটফৰ্মত ৰে’ল আহিব কেনেকৈ জানিব? আজিয়ে জানি থওক…

1 min read

বহু সময়ত এনেকুৱা হয় যে টিকট বুকিং কৰি যেতিয়া কোনো ব্যক্তিয়ে ষ্টেচনত উপস্থিত হয় তেতিয়া তেওঁ আগতীয়াকৈ গম নাপায় কোন প্লেটফৰ্মত তেওঁৰ ৰেলখন আহিব। এনে পৰিস্থিতিত তেওঁ জানিবলৈ চেষ্টা কৰিব যে তেওঁৰ ৰেলখন কোনটো প্লেটফৰ্মত আহিব, যাতে তেওঁ সময়মতে নিজৰ ৰেলখন ধৰিব পাৰে। কাৰণ দিল্লী, মুম্বাইৰ দৰে চহৰত মূল ৰেল ষ্টেচনত বহু প্লেটফৰ্ম আছে আৰু এনে পৰিস্থিতিত যাত্ৰীসকলে নিজৰ প্লেটফৰ্ম বিচাৰিবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হয়। অৱশ্যে এতিয়া পৰা আপুনি চিন্তা কৰিব নালাগে কাৰণ এই সমস্যাৰ এটা সমাধান উলিওৱা হৈছে।

অনলাইনত কেনেকৈ জানিব পাৰি?

যদি আপুনি অনলাইনত জানিব বিচাৰে যে আপোনাৰ ৰেলখন কোনটো প্লেটফৰ্মত আহিব, তেন্তে ইয়াৰ বাবে আপুনি দুটা বিকল্প ব্যৱহাৰ কৰিব পাৰে, প্ৰথমটো হ’ল ৰেল যাত্ৰা এপ। ইয়াত আপুনি ৰেলখনৰ লাইভ ল’কেচন আৰু আপোনাৰ ৰেলখন কোনটো প্লেটফৰ্মত আহিব সেই সম্পৰ্কে সকলো তথ্য সহজেই পাব।

দ্বিতীয় বিকল্প হ’ল- ১৯৩

ভাৰতীয় ৰেলৱেৰ চৰকাৰী নম্বৰ ১৯৩। যিটোৱে আপোনাৰ ৰেলৱেৰ সৈতে জড়িত সকলো দিশতে আপোনাক সহায় কৰে। যদি আপুনি ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনাৰ ৰেলৰ অৱস্থান, প্লেটফৰ্ম নম্বৰ আৰু ৰেলৱে সম্পৰ্কীয় যিকোনো তথ্য বিচাৰে, তেন্তে এই নম্বৰত ফোন কৰি গ্ৰাহক সেৱা বিষয়াৰ পৰা এই বিষয়ে জানিব পাৰিব।

PAYTM এপ ৰ জড়িয়তে ট্ৰেইনৰ লাইভ অৱস্থান পৰীক্ষা কৰক-

যদি আপোনাৰ ৰেলখন দেৰি হৈছে আৰু ই এতিয়াও প্লেটফৰ্মত উপস্থিত হোৱা নাই আৰু আপুনি ইয়াৰ লাইভ ষ্টেটাছ চাব বিচাৰে, তেন্তে পেটিএমৰ যোগেদি চাব পাৰিব। পেটিএমে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে এটা বিশেষ বিকল্প দিছে, যাৰ সহায়ত মানুহে ৰে’লখনৰ লাইভ ষ্টেটাছ চাব পাৰিব। ইয়াৰ বাবে আপুনি মাত্ৰ আপোনাৰ Paytm এপটো খুলি ইয়াৰ সন্ধান বাৰত train live status টাইপ কৰি সন্ধান কৰিব লাগিব। আপুনি এই কাম কৰাৰ লগে লগে সেই পেজটো খোল খাব। তাৰ পিছত ৰেলৰ নম্বৰ বা নাম দি ইয়াৰ লাইভ ষ্টেটাছ চাব পাৰিব।

You May Also Like

More From Author