হোজাইত বনহস্তীৰ তাণ্ডৱ অব্যাহত আছে। বুধবাৰে হোজাই-পশ্চিম কাৰ্বিআংলং সংযোগী পথৰ ঠেপলাগুৰিত চলন্ত বাহনত বন্যহস্তীৰ আক্ৰমণত থিতাতে এটি শিশু নিহত হোৱাৰ লগতে বাহনখনত থকা আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। নিহত শিশুটিৰ নাম ৰংলিৰ টেৰণপি (৫) বুলি জানিব পৰা গৈছে । ঘটনাৰ বিৱৰণীত মতে, AS 02 AG 9800 নম্বৰৰ চাৰিচকীয়া বিলাসী বাহনখন লৈ পশ্চিম কাৰ্বিআংলং জিলাৰ ডংকাৰ পৰা সুৰেন তেৰাঙৰ পৰিয়ালটো বকলিয়াৰ নিজ গৃহ লৈ আহি আছিল। গাড়ীখন কপিলী ৰেঞ্জৰ অধীনস্থ ঠেপলাগুৰিত অতিক্ৰম হোৱাৰ সময়তে গাড়ীখনৰ সন্মুখেদি তিনি জনীয়া বন্যহস্তী জাক পাৰ হয়৷ আকস্মিকভাৱে বন্যহস্তীয়ে গাড়ীখনত আক্ৰমণত চলায়।বন্যহস্তীৰ আক্ৰমণত বাহনত থকা চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। পিছত আহত লোক কেইজনক স্থানীয় ৰাইজে উন্নত চিকিৎসাৰ বাবে হোজাই হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰি যদিও চিকিৎসালয়তে এটি পাঁচ বছৰীয়া শিশুৰ মৃত্যু হয়। ঘটনা সংঘটিত হোৱাৰ পিছত বন বিভাগৰ লোক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ জাকটোক খেদিবলৈ সক্ষম হয় ।।বন্যহস্তীৰ আক্ৰমণত গাড়ীখন বিধ্বস্ত হৈ পথৰ দাঁতিত বাগৰি পৰে৷
চলন্ত বাহনত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল শিশুৰ
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2023/07/images28329-1.jpeg)
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025