সমষ্টি পুননির্ধাৰণৰ খচৰাক আদৰণি সদৌ অসম ছাত্ৰ সন্থাৰ

1 min read

ভাৰতীয় নির্বাচন আয়োগে প্রকাশ কৰা খচৰাক লৈ অৱশেষত নিজৰ স্থিতি সদৰী কৰিলে সদৌ অসম ছাত্ৰ সন্থা (আছু)ই। ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰি যোৱা ২০ জুনত প্ৰকাশ পোৱা খচৰাখনক আদৰণি জনাইছে। লগতে আছুৰ তৰফৰ পৰা কেতবোৰ সংশোধনীৰ প্ৰস্তাৱ দিছে। ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াক আদৰণি জনাইছে। এয়া নির্বাচনী আয়োগৰ ইতিবাচক আৰম্ভ। কিন্তু খচৰাখনত কিছু সংশোধনীৰ প্ৰয়োজন আছে। প্রয়োজনীয় সংশোধনৰ ব্যৱস্থা গ্ৰহণেৰে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকাকৈ আৰু সৰ্বকালৰ বাবে খিলঞ্জীয়া লোকৰ হাতত নির্ণায়ক অধিকাৰ থকাকৈ নির্বাচন আয়োগে এই প্রক্রিয়া ইতিবাচকভাৱে সম্পূৰ্ণ কৰিব বুলি তেওঁলোক আশাবাদী। বিশেষকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে আছু নেতৃত্বই। আছুৰ উপদেষ্টা ড০ ভট্টাচার্যই কয় “খচৰাখনেৰে নিৰ্বাচন আয়োগে ইতিবাচকভাৱে আৰম্ভণি কৰিছে। কোকৰাঝাৰ আৰু ডিফু সমষ্টিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে। বিটিআৰ আৰু পশ্চিম কাৰ্বি আংলঙত এখনকৈ আসনৰ সংখ্যা বৃদ্ধি পাইছে। তদুপৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসন বৃদ্ধি কৰা হৈছে। ধেমাজি জিলা, লখিমপুৰ জিলা আৰু তিনিচুকীয়া জিলাত একোটাকৈ সমষ্টি বৃদ্ধি হোৱাটো যোগাত্মক সিদ্ধান্ত।’ অৱশ্যে সদৌ অসম ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি আৰু শিৱসাগৰ আমগুৰি সমষ্টিক বিলুপ্তিকৰণৰ বিৰোধিতা কৰে।

এই প্রসংগত ড০ ভট্টাচার্যই কয় যে নামনি আৰু মধ্য অসমত জনবিন্যাস সলনিয়ে প্ৰভাৱ নেপেলোৱা কেতবোৰ সমষ্টিৰ সীমা নির্ধাৰণত সেই অঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে। আয়োগে সেই বিষয়সমূহ বিবেচনা কৰিব লাগে। চৰকাৰে খিলঞ্জীয়া মুছলমান বুলি স্বীকৃতি দিয়া দেশী, গৰিয়া, মৰিয়া, জলহা আৰু ছৈয়দসকলৰ মাজতো সমষ্টি নির্ধাৰণক লৈ কিছু অসন্তুষ্টিৰ সৃষ্টি হৈছে। তেওঁলোকৰ অসন্তুষ্টিসমূহ নিৰাময়ৰ ব্যৱস্থা কৰিব লাগে। আনহাতে অসমৰ ঐতিহ্যমণ্ডিত অঞ্চলসমূহৰ সমষ্টিৰ নাম সালসলনি কৰিব নালাগে বুলি উল্লেখ কৰি ড০ ভট্টাচাৰ্যই পুনৰ কয় যে ঐতিহ্যমণ্ডিত জনীয়া সত্ৰৰ নামৰ আধাৰত জনীয়া সমষ্টিৰ নাম ৰখা হৈছে। সেয়েহে পূৰ্বৰ একে নাম ৰাখি ইয়াক বৰপেটা লোকসভা সমষ্টিৰ অধীনত ৰখাটো উচিত। একেদৰে হাজোৰ দিহিনা সত্ৰৰ এলেকা হাজো সমষ্টিত ৰাখিব লাগে। সমগ্র অসমত এনে ঐতিহ্যমণ্ডিত অঞ্চলৰ ঐতিহ্য অটুট ৰাখিবলৈ ছাত্ৰ সন্থাই আয়োগক আহ্বান জনাইছে। আনহাতে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াও আছুৱে কিয় আদৰণি জনাইছে বুলি একাংশ লোকে উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত তেওঁ কয় ‘ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ আছুৱে ২০২৩ চনত বিচৰা নাই। অসম আন্দোলনৰ পাছত স্বাক্ষৰিত অসম চুক্তিৰ ৬ নং দফাৰ ভিত্তিত কিদৰে খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰিব লাগে তাৰ বিষয়ে ১৯৮৬ চনতে কেন্দ্ৰক কেতবোৰ পৰামৰ্শাৱলী পেচ কৰা হৈছিল। সেই পৰামৰ্শাৱলীৰ ভিতৰত এটা উল্লেখনীয় দাবী আছিল ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া।

এয়া আছুৰ এক দূৰদৰ্শী সিদ্ধান্ত আছিল। সেই সময়ত পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া কৰা হ’লে ১৯৯১ চনৰ ভিত্তিত কৰিব লাগিলেহেঁতেন। কিন্তু চৰকাৰে নকৰিলে। আছুৱেও বিষয়টো এৰি নিদিলে। ‘কা’ আন্দোলনৰ সময়ত পুনৰ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় কমিটী গঠন কৰা হ’ল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে শৰ্মাৰ নেতৃত্বত গঠন কৰা কমিটীয়ে কেতবোৰ পৰামৰ্শ প্ৰদান কৰিলে। এই পৰামৰ্শাৱলীৰ ভিতৰতো ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰাটো এটা উল্লেখনীয় দাবী আছিল। ২০২২ চনৰ ২৭ ডিচেম্বৰত আয়োগে ঘোষণা কৰিলে যে ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰা হ’ব। উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শৰ এটা দাবীক অন্ততঃ মানি ল’লে। ১৯৮৬ চনৰ পৰা আছুৱে এই দাবী কৰি আহিছে। এতিয়া ২০০১ চনৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্রক্রিয়াক আমি আদৰণি জনাইছো। ভাৰতৰ আন ৰাজ্যৰ পৰিস্থিতি আৰু অসমৰ পৰিস্থিতিৰ মাজত যথেষ্ট পার্থক্য আছে। সেয়েহে আন ৰাজ্যসমূহৰ তুলনাত অসমৰ সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াও সুকীয়া হ’ব লাগিব।’ অৱশ্যে ২০২৬ চনৰ পাছত ৰাজ্যত পুনৰ সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিলে সেয়া ১৯৯১ চনৰ লোকপিয়লৰ ভিত্তিত কৰিব লাগিব বুলিও তেওঁ দাবী উত্থাপন কৰে। তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আয়োগে এটা কথা সদায় নজৰত ৰাখিব লাগিব যাতে খিলঞ্জীয়াৰ ৰাজনৈতিক প্রভুত্ব সদায় অব্যাহত থাকে। তদুপৰি খিলঞ্জীয়াই ৰাজনৈতিক নির্ণায়কৰ ভূমিকা গ্ৰহণ কৰিব পৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব লাগিব। এই প্রক্রিয়া সম্পন্ন কৰোতে জনবিন্যাসৰ ওপৰত চকু ৰাখিব বুলি উল্লেখ কৰি ড০ ভট্টাচার্যই কয় যে যিবোৰ জিলাত জনবিন্যাসৰ ওপৰত প্ৰভাৱ পৰা নাই সেই জিলাসমূহৰ ভিতৰতে সমষ্টি নির্ধাৰণ কৰক। নামনি আৰু মধ্য অসমত এনে কিছু এনে কিছু সমষ্টি আছে যিসমূহ সমষ্টিত জনবিন্যাসৰ সলনি কোনো প্রভাৱ পেলাব পৰা নাই। এই সমষ্টিসমূহৰ লোকসকলৰ আপত্তিসমূহ ইতিবাচকভাৱে বিবেচনা কৰিব লাগে। বি কে শৰ্মা আয়োগৰ এটা দফা নহয়, প্ৰতিটো দফাই চৰকাৰে কাৰ্যকৰী কৰিব লাগিব। সংবাদমেলত উপস্থিত থকা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই কয় যে ছাত্ৰ সন্থাই ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক স্পষ্টভাৱে আদৰণি জনাইছে। অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো ভাৰতবৰ্ষৰ আন ৰাজ্যতকৈ পৃথক। কাৰণ অবৈধ বিদেশী নাগৰিকৰ অবাধ প্ৰব্ৰজনে অসমীয়া খিলঞ্জীয়া লোকৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। শর্মায়ো অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয় যে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা ৮টাৰ পৰা ৯টালৈ আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা ১৬টাৰ পৰা ১৯টালৈ বৃদ্ধি পাইছে। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত এখন আসন বৃদ্ধি কৰা হৈছে। লাহোৱাল আৰু আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ ছাত্ৰ সন্থাই বিৰোধিতা কৰিছে। সমষ্টি দুটা বাহাল ৰাখিব লাগে। ২০২৬ চনৰ পাছত অসমত হ’বলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ, ১৯৮৫ চনত অসম চুক্তি সম্পাদন হোৱাৰ পাছৰ লোকপিয়ল ১৯৯১ চনৰ ভিত্তিত হোৱা উচিত। তেতিয়াহে অসম চুক্তিৰ ৬নং দফাই প্ৰদান কৰা সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিশ্ৰুতি সাৰ্থক হ’ব। অসমৰ পৰৱৰ্তী সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত অসমৰ খিলঞ্জীয়া মানুহৰ হাতত নির্ণায়ক অধিকাৰ থকা সমষ্টি কোনো কাৰণতে কমিব নালাগিব। অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সমষ্টিৰ সংখ্যা বৃদ্ধি কৰিব লাগিব।

সংবাদমেলত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে সদ্য প্ৰকাশিত খচৰাত কিছু সালসলনিৰ প্ৰয়োজনীয়তা আছে। ডিব্ৰুগড়, তিনিচুকীয়াত আসনৰ সংখ্যা বাঢ়িছে। সেয়া আদৰণীয়। কিন্তু মটক জনগোষ্ঠী অধ্যুষিত লাহোৱালৰ দৰে সমষ্টি বিলুপ্তিকৰণত ছাত্ৰ সন্থাৰ আপত্তি আছে। ডিব্ৰুগড়, চাবুৱা সমষ্টিত কেইবাটাও জনগোষ্ঠীৰ প্ৰভাৱ আছিল। কিন্তু শেহতীয়া সীমা নিৰ্ধাৰণত চাবুৱা সমষ্টিৰ অন্তৰ্গত ৮টা পঞ্চায়তৰ প্ৰায় ৮৬ হাজাৰ ভোটাৰক মাকুমলৈ অনা হ’ল। এই ৮৬ হাজাৰ ভোট মাকুমলৈ স্থানান্তৰ কৰাৰ প্রয়োজনীয়তা নাছিল। ছাত্ৰ সন্থাই ইয়াৰ শুধৰণিৰ প্ৰস্তাৱ আয়োগৰ ওচৰত দাখিল কৰিছে৷ একেদৰে টিংখাং সমষ্টিৰ বহু ভোটাৰক আন আন সমষ্টিলৈ স্থানান্তৰিত কৰা হৈছে। দুলীয়াজান সমষ্টিৰ দুটা পঞ্চায়ত চাবুৱালৈ কৰ্তন কৰা হৈছে। ৯ হাজাৰতকৈয়ো অধিক ভোট স্থানান্তৰ কৰা হ’ল। শিৱসাগৰৰ ডিমৌ নতুন সমষ্টি সৃষ্টি কৰা হ’ল যদিও ১৯৫১ চনতে গঠন কৰা আমগুৰি সমষ্টি বিলুপ্তি কৰা হ’ল। শিৱসাগৰ সমষ্টিৰ সীমাৰো সালসলনি কৰাৰ প্ৰয়োজনীয়তা আছে। উল্লখ্য যে খচখা সন্দৰ্ভত ওচৰ-আপত্তি আছুৱে কালি ৰাষ্ট্ৰীয় নির্বাচন আয়োগৰ ওচৰত লিখিতভাৱে দাখিল কৰিছে। আগন্তুক আয়োগৰ ভ্ৰমণৰ সময়তো আছুৰ স্থিতি পুনৰ অৱগত কৰিব বুলিও আজিৰ সংবাদমেলতে স্পষ্ট কৰে।

You May Also Like

More From Author