তিনিচুকীয়াৰ শিশু বিশেষজ্ঞই সংঘটিত কৰিলে আন এক ভয়ংকৰ কাণ্ড।তিনিচুকীয়াৰ শিশু বিশেষজ্ঞ চিকিৎসকৰূপে পৰিচিত ডা: সুশীল কুমাৰ আগৰৱালাই এটি তিনিমহীয়া নৱজাতকক দিলে ম্যাদ উকলা প্ৰতিষেধক ।ম্যাদ উকলা প্ৰতিষেধক বিধ লোৱাৰ পিছতেই তীব্ৰ জ্বৰত আক্ৰান্ত হয় শিশুটি।
জানিব পৰা মতে,পলিঅ’ প্ৰতিষেধক বিধ ২০২৩ ৰ মাৰ্চ মাহতেই ম্যাদ উকলিছিল।এই ভয়ংকৰ কাণ্ডটো প্ৰতিষেধক বিধ দিয়াৰ পিছতহে পোহৰলৈ আহে।ইয়াৰোপৰি চিকিৎসকজনে ঘটনাটো গাপ দিয়াৰ বাবেও হেঁচা দিছিল বুলিও অভিযোগ উত্থাপন কৰিছে।