নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ সক্ৰিয় শাখা ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ “কাব্যধ্বনি” শীৰ্ষক এটি মনোজ্ঞ কবিতা পাঠৰ অনুষ্ঠান ৰবিবাৰে ডিমৌ চাৰিআলিত অনুষ্ঠিত হৈ যায় । শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰ কৰাৰ মহৎ উদ্দেশ্যে আগত ৰাখি অনুষ্ঠিত এই কেন্দ্ৰীয় কাৰ্যসূচীৰ শুভাৰম্ভণি হয় নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ দ্বাৰা বন্তি প্ৰজ্বলনৰে । তেখেতক সহযোগিতা আগবঢ়ায় শিল্পী পেঞ্চনাৰ পৰাণ চন্দ্ৰ দাস আৰু নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দুৰ্গেশ্বৰ বৰকটকীয়ে । ইয়াৰ পাছতে “বনচাই প্ৰকাশন”ৰ দ্বাৰা আয়োজিত ক্ষুদ্ৰ গ্ৰন্থমেলাৰ উদ্বোধন কৰে ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ সভাপতি পুতুল চন্দ্ৰ ডেকাই । “বনচাই”ৰ গ্ৰন্থমেলাই উপস্থিত সকলোৰে সমাদাৰ লাভ কৰে । শিল্পী পৰাণ চন্দ্ৰ দাসৰ পৰিচালনাত গীতাঞ্জলি দেৱী দাসে বৰগীত পৰিৱেশনৰে পুৱা ১০:৪৫ বজাৰ পৰা আয়োজিত “কাব্যধ্বনি” অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ তথা কবি কৃষ্ণ মোহন শৰ্মাই ।
বৰগীত পৰিবেশনত সহযোগিতা আগবঢ়ায় সহযোগিতা আগবঢ়াই বিষ্ণুপ্ৰিয়া দাস আৰু জগন্নাথ দাসে । অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক ছৈয়দ পাৰভেজ হুছেইন,সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়া,মুখপত্ৰ “নতুন কবিতা”ৰ সম্পাদক মৃদুল কুমাৰ চহৰীয়া,অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱা,শিশু-সাহিত্যিক ত্ৰৈল্যোক্য ভট্টাচাৰ্য,ৰেৱকান্ত হাজৰিকা,বুদ্ধেশ্বৰ খাউণ্ড,খগেন শইকীয়া,সাংবাদিক নীলকমল শইকীয়া,দেৱ কুমাৰ নাথ প্ৰমূখ্যে ব্যক্তিসকল উপস্থিত থাকে । কবি মদাৰজ্যোতি আৰু নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট কবি এল. প্ৰদীপ কুমাৰ সিংহ,কৰৱী লিগিৰা, অশোকৰাম ভট্টাচাৰ্য,অতুল চন্দ্ৰ কাকতি,ৰমা কান্ত শৰ্মা,প্ৰদীপ কুমাৰ শইকীয়া,ময়ূৰ কুমাৰ বৰা,খৰ্গেশ্বৰ বৰা,কৃষ্ণ দৈমাৰী,বিদ্যুৎ মেছ,মিন্টু কুমাৰ মেধি,নীলকান্ত নাথ,কমল বৰদলৈ,গিৰীন্দ্ৰ কুমাৰ নাথ,যশোৱন্ত নাথ,দেৱেন দাস,চুমি কপাহেৰা,লাহি ৰাম বড়ো,নৱনীতা শইকীয়া,তপন শইকীয়া,কবিতা বৰা,মিন্টু দাস,জয়ন্তী বৰা,দীপা পণ্ডিত,নিৰ্মালি বৰা,সঞ্জীৱ কুমাৰ বৰা,দেৱ বৰা,সঞ্জীৱ সাগৰ চৌধুৰী,দ্বীপজ্যোতি কাকতি,হাছিনা মমতাজ,তুলিকা দেৱী,প্ৰদ্যুম্ন বৰা, দীপাংকৰ বৰদলৈ,কবীন কাকতি,নৱ কাশ্যপ,নৱজ্যোতি শৰ্মা বৰুৱা,কল্যাণ মেধি,বন্দনা পাটৰ,ৰিন্টা মণি ডেকা, গৌৰৱ কুমাৰ ডেকা,সম্প্ৰীতি শইকীয়া, বিনয় দাস,সুৱৰ্ণলতা দাস,কেশৱ চন্দ্ৰ ৰাজা,ৰীপামণি বৰা,ঋতু পৰ্ণ শৰ্মা, তৰুলতা বৰা হাজৰিকা,ইন্দিৰা গোস্বামী ভট্টাচাৰ্য প্ৰমূখ্য কৰি ডেৰ শতাধিক কবিয়ে কবিতা পাঠ কৰে । অনুষ্ঠানত শিশু আবৃত্তিকাৰ ভাস্বতী বৰকটকী, লেনাভ জ্যোতি নাথ,যুগান্তকাৰ নাথ, সংযুক্তা প্ৰিয়দৰ্শিনী আৰু মৃন্ময় জ্যোতি দাসে কবিতা আবৃত্তি আৰু প্ৰিয়ব্ৰত যোগী,দীপশিখা দাস,সুস্মিতা বৰা আৰু নিশিতা বৰাই নৃত্য পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । শেষত কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি পৰে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও