নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই:–ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এ আৰ (ICAR)ৰ ৯৫ সংখ্যক প্ৰতিষ্ঠা আৰু প্ৰযুক্তি দিৱসটি ১৬ জুলাই,ৰবিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে । কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱত সোমবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষক উৎপাদক সংস্থা, কৃষক উৎপাদক গোট আৰু আত্মসহায়ক গোটৰ সদস্যসকলৰ লগত কৃষি ক্ষেত্ৰত প্ৰযুক্তি প্ৰয়োগৰ সজাগতা আৰু মত বিনিময় অনুষ্ঠান সম্পন্ন হয় । অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ সহযোগী শিক্ষা আৰু সম্প্ৰসাৰণ বিষয়া ড° মনোৰঞ্জন নেওগে কয় যে প্ৰযুক্তি আমাৰ হাতত থাকিলে নহ’ব গাঁৱৰ কৃষকৰ কাষলৈ লৈ যাব লাগিব। বৰ্তমান আমাৰ দেশত খাদ্য সুৰক্ষা হৈছে,কিন্তু কৃষকৰ আয় বৃদ্ধি হোৱা নাই । অসমৰ কৃষকৰ মাহিলী উপাৰ্জন বৰ্তমান ৬০০০ টকা মাত্ৰহে । সেইবাবে আমি সমন্বিত কৃষিত গুৰুত্ব দিব লাগে। য’ত এটা দিশত লোকচান হ’লেও আন দিশত আয় হ’ব। ড° নেওগে লগতে আৰু কয় যে মাটি আমাৰ অমূল্য সম্পদ, মাটিৰ স্বাস্থ্য অটুট ৰাখিব লাগিব। অনুষ্ঠানৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মুৰব্বী ড° নিৰঞ্জন ডেকাই কয় যে পুৰণিকলীয়া পৰম্পৰাগত কৃষি পদ্ধতি পৰিহাৰ কৰি বহু কৃষকে নতুন প্ৰযুক্তি আকোঁৱালি লৈছে,যাৰ পৰিপ্ৰেক্ষিতত উৎপাদন বৃদ্ধি হৈছে আৰু সেইসকল কৃষকৰ আয় বৃদ্ধি পাইছে। আজি আমি গাঁৱৰ প্ৰতিগৰাকী কৃষকৰ মাজলৈ প্ৰযুক্তি লৈ যোৱাৰ সংকল্পৰে একত্ৰিত হৈ কাম কৰিছোঁ। যাতে কৃষকৰ আয় বৃদ্ধি হওঁক,দেশ প্ৰগতিৰ বাটত আগুৱাই যাওক। কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড° অনিমেষ ডেকাই আঁত ধৰা অনুষ্ঠানৰ
অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ জ্যেষ্ঠ সম্প্ৰসাৰণ বিশেষজ্ঞ ড° মোহন শৰ্মা,কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলা কৃষি বিভাগৰ পৰিদৰ্শক লক্ষী প্ৰসাদ দেউৰী, কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ সামুহিক বিজ্ঞান বিশেষজ্ঞা ড° আছফিকা ইছলাম,ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ,পথাৰ শস্য বিশেষজ্ঞা ড° বন্তি গগৈ, আঁচনি সহায়ক(কম্পিউটাৰ) বিষ্ণু নাৰায়ণ ফুকন,কৰ্মচাৰী ৰাজনীশ সেনৰ লগতে শতাধিক লোকৰ উপস্থিত থাকে । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড° চিংকি বৰ্মনে। ইফালে আই চি এ আৰৰ প্ৰতিষ্ঠা আৰু প্ৰযুক্তি দিৱস উপলক্ষে ৰবিবাৰে মেকানিকেল পেডি ট্ৰাঞ্চপ্লান্টাৰ(Machinical Paddy transplanter)ৰ সহায়ত দলিচা পদ্ধতি বীজতলী ৰোপণৰ প্ৰদৰ্শনীৰ লগতে সোমবাৰে কৃৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ কৃষি ক্ষেত্ৰত প্ৰযুক্তিৰ প্ৰয়োগ শীৰ্ষক এখনি যন্ত্ৰপাতিৰ প্ৰদৰ্শনী অনুষ্ঠিত হোৱাৰ লগতে মঙলবাৰে “নতুন প্ৰযুক্তিৰ উদ্ভাৱন” শীৰ্ষক বিজ্ঞানী সকলৰ আলোচনাচক্ৰ অনুষ্ঠিত হ’ব।
ঋতু পৰ্ণ শৰ্মা,নগাঁও