সহজেই কক্ষপথ সলনি কৰি চন্দ্ৰৰ ওচৰলৈ গতি কৰিছে চন্দ্ৰযান-৩

1 min read

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বৃহস্পতিবাৰে জনায় যে মঙলবাৰে তৃতীয় কক্ষপথ পৰিবৰ্তন প্ৰক্ৰিয়া সফলতাৰে সমাপ্ত কৰি চন্দ্ৰযান-৩ য়ে চতুৰ্থ কক্ষপথ অতিক্ৰম কৰিছে।

পৃথিৱীৰ মাধ্যাকৰ্ষণীয় টান অতিক্ৰম কৰি চন্দ্ৰৰ পথলৈ যাবলৈ চন্দ্ৰযানে বহু শক্তি সঞ্চয় কৰিবলগীয়া হব। সেই কাম ই বৃত্তাকাৰ গতিৰ জৰিয়তে কৰি আছে। পাঁচবাৰকৈ কক্ষপথ সলনি কৰি পৃথিৱীৰ টান কাটি মাধ্যাকৰ্ষণ শক্তিৰ বাহিৰ ওলাই আহিব পাৰিব চন্দ্ৰযান।

ইছৰোৱে জনোৱা মতে, ২৫ জুলাইত দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত ইছৰোৰ মহাকাশযানখনে পঞ্চমবাৰৰ বাবে কক্ষপথ সলনি কৰিব। তাৰ পিছতে ই চন্দ্ৰৰ পিনে গতি কৰিব।

প্ৰতিটো ঢাপত যিদৰে ই কক্ষপথ সলনি কৰিছে, সেইদৰে ইয়াৰ গতিও বৃদ্ধি পাইছে। উৎক্ষেপণৰ পিছৰে পৰা সুকলমে আগবাঢ়ি আছে চন্দ্ৰযান-৩। অৱশ্যে ইছৰোৰ বিজ্ঞানীসকলে বাহনখনৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। পৰিকল্পনা অনুসৰি কাম আগবাঢ়িছে।

উল্লেখ্য যে সমগ্ৰ ভাৰতৰ আশা কঢ়িয়াই অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ভাৰতৰ চন্দ্ৰযান-৩য়ে যাত্ৰা আৰম্ভ কৰিছে। যদি এই অভিযান সফল হয় তেন্তে ৰাছিয়া, আমেৰিকা আৰু চীনৰ পাছত চন্দ্ৰত নিয়ন্ত্ৰিত অৱতৰণ সাধন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত।

You May Also Like

More From Author