বিহালী বাহবাৰীৰ বন্যহস্তিৰ তাণ্ডব

1 min read

বিহালী বাহবাৰীৰ বন্যহস্তিৰ তাণ্ডব,এটা বাসগৃহ ভাঙি ক্ষতি সাধন খেতিয়কৰ পথাৰত ধান খেতি তহিলং ঘটনাৰ স্থলীত বন বিভাগৰ লোক

আজি পুৱাই বিহালী বাহবাৰীত বন্যহস্তিৰ তাণ্ডব এজন লোকৰ বাসগৃহ ভাঙি ক্ষতি সাধন তদুপৰি বাহবাৰীৰ পথাৰত খেতিয়ক ৰাইজৰ ধান খেতি গচকি মুহাৰি তহিলং।তথ্য মতে আজি পুৱা ৫ মান বজাত কাজিৰঙা ষষ্ট সংযোজনাৰ পৰা উলাই অহা এটা বনৰীয়া হাতীয়ে প্ৰথমতে বাহবাৰীৰ অশ্বিনী শইকীয়া নামৰ লোক জনৰ পাকঘৰ আৰু ঢেকীঘৰ ভাঙি ক্ষতি সাধন কৰে ইয়াৰ পিছতে বাহবাৰীৰ পথাৰত খেতিয়ক ৰাইজৰ ধান খেতি গচকি মুহাৰী কঠিয়া খাই বিস্তৰ ক্ষতি সাধন কৰে। ঘটনা স্থলীত বৰগাং বন কাৰ্য্যালয়ৰ বন কৰ্মী উপস্থিত হৈ হাতীটো নিয়ন্ত্ৰণ কৰে যদিও ৯বজালৈ কে পথাৰ মাজতে হাতীটো মুক্ত বিচৰণ কৰি থাকে আৰু পৰৱৰ্তী সময়ত বন বিভাগে হাতি তোক কাজিৰঙা ষষ্ঠ সংযোজনলৈ খেদি পঠাবলৈ সক্ষম হয় । বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট, guwahati times

You May Also Like

More From Author