ড্ৰেগন ফলৰ সমাদৰ প্ৰতিদিনেই বৃদ্ধি পাইছে৷ ইয়াৰ মূলতে হ’ল এই ফলত উপলব্ধ বিভিন্ন পুষ্টিকৰ উপাদান৷
⬛ এই ফল খনিজ, ভিটামিন আৰু এণ্টি অক্সিডেণ্টেৰে ভৰপুৰ৷ সেয়ে ড্ৰেগন ফল খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷
⬛ আকৰ্ষণীয় আৰু সুস্বাদু এই ফলৰ চাহিদা বৃদ্ধিৰ লগে লগে আমাৰ দেশৰ বিভিন্ন ঠাইতো এই ফলৰ খেতি আৰম্ভ হৈছে৷ ড্ৰেগন ফলৰ ৰস গাখীৰৰ সৈতে মিহলাই খোৱাৰ উপৰি চালাড কৰি খাব পাৰি৷
⬛ ড্ৰেগন ফল হ’ল পুষ্টিৰ ভাণ্ডাৰঃ এই ফলত আছে প্ৰচুৰ পৰিমাণে ডায়েটৰী ফাইবাৰ৷ একাপ ড্ৰেগন ফলৰ ৰসত ১৩৬ কেলৰি, ৩ গ্ৰাম প্ৰ’টিন, ৭ গ্ৰাম ফাইবাৰ, ৮ শতাংশ আইৰণ, ১৮ শতাংশ মেগনেছিয়াম, ৯ শতাংশ ভিটামিন ‘চি’, ৪ শতাংশ ভিটামিন ‘ই’ থাকে৷ ইয়াৰ পৰিৱৰ্তে এই ফলত ফেট একেবাৰে নাথাকে৷
⬛ ড্ৰেগন হ’ল এণ্টি অক্সিডেণ্ট সমৃদ্ধ ফল৷ ইয়াত ফ্ল্যাভোনয়েড, ফেনোলিক এচিড আৰু বিটা ছায়ানিন উপলব্ধ৷ এই উপাদানে শৰীৰৰ কোষবোৰক বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ তদুপৰি এই ফলে যৌৱন ধৰি ৰখাত সহায় কৰে৷
⬛ ডায়েবেটিছৰ আশংকা হ্ৰাস কৰেঃ ড্ৰেগন ফল নিয়মীয়াকৈ খালে ডায়েবেটিছৰ আশংকা হ্ৰাস পায়৷ এই ফলত থকা ফাইবাৰে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷
⬛ কৰ্কট ৰোগৰ আশংকা হ্ৰাস পায়ঃ নিয়মীয়াকৈ ড্ৰেগন ফল খালে কৰ্কট ৰোগৰ আশংকা হ্ৰাস পায়৷ এই ফলত আছে কৰ্কট ৰোগ প্ৰতিৰোধী বিভিন্ন উপাদান৷ বিশেষকৈ কলন কেন্সাৰ, আলজাইমাৰ, ডায়েবেটিছ ৰোগ আদিৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ এই ফল খোৱাৰ অভ্যাস কৰিব পাৰে৷
⬛ হজম শক্তি বৃদ্ধিঃ এই ফল খালে হজম শক্তি বৃদ্ধি পায়৷ তদুপৰি ড্ৰেগন ফলে শৰীৰত উপকাৰী বেক্টেৰিয়া বৃদ্ধিত সহায় কৰে৷