বদহজমৰ পৰা সকাহ পোৱাৰ উপায়

1 min read

অনিয়মীয়া খাদ্যাভ্যাস আৰু ভজা-পোৰা খাদ্য খোৱাৰ অভ্যাসে পেটফুলা আৰু বদহজমৰ সমস্যাৰ সৃষ্টি কৰে৷ কাৰ্ব’হাইড্ৰেট জাতীয় খাদ্য বেছিকৈ খালে আৰু হজমত সমস্যা হ’লে পেটত গেছ হয়৷ ফলত পেট ফুলে৷ এই সমস্যা অতি অস্বস্তিদায়ক৷ বহুতে পেটফুলা বা বদহজমৰ পৰা সকাহ পাবলৈ ঔষধ খোৱা কৰে৷ কিন্তু কিছুমান সহজ উপায় আছে, যিবোৰৰ সহায়ত পেটফুলা আৰু বদহজম সমস্যাৰ পৰা নিৰাময় পাব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়–

[১] পৰ্যাপ্ত পৰিমাণে পানী খোৱা কৰক৷ পানীয়ে খাদ্যবস্তু সোনকালে হজম কৰাত সহায় কৰে৷

[২] পেটফুলা বা পেটত অস্বস্তি অনুভৱ কৰিলে কেতিয়াও শুই নাথাকিব৷ বৰঞ্চ বহি, থিয় হৈ বা খোজকাঢ়ি সময় পাৰ কৰক৷ শুই থাকিলে পেটত অস্বস্তি বৃদ্ধি পায়৷

[৩] কুহুমীয়া পানীৰে গা ধোৱক৷ তদুপৰি হ’ট ৱাটাৰ বেগৰ সহায়ত পেটত তাপ দিয়া কৰক৷ অন্ততঃ ২০ মিনিট সময় এনেদৰে থাকিলে পেটৰ অস্বস্তি হ্ৰাস পায়৷

[৪] গৱেষণাত দেখা গৈছে যে বেকিং ছ’ডা আৰু নেমুৰ ৰস মিহলাই পানী খালেও বদহজম সমস্যাৰ পৰা সকাহ পোৱা যায়৷ এই মিশ্ৰণে কাৰ্ব’নিক এচিড প্ৰস্তুত কৰে৷ এই গেছে  বদহজমৰ সমস্যা নাইকিয়া কৰে৷

[৫] নিতৌ খোৱাৰ পাছত এটুকুৰা আদা চোবাই খোৱা কৰক৷ দেখিব বদহজমৰ সমস্যা আৰু পেটফুলাটো লাহে লাহে কমি আহিছে৷

[৬] পেট ফুলিলে আদা সৰু সৰুকৈ কাটি নিমখৰ সৈতে খালেও সকাহ পোৱা যায়৷

[৭] তিয়ঁহ খালে পেট শীতল হৈ থাকে৷ ইয়াত থকা ফ্লেভ’নয়েড আৰু এণ্টি ইনফ্লেমেট’ৰি উপাদানে পেটত গেছৰ সমস্যা কমায়৷

[৮] টেঙা দৈয়ে অন্ত্ৰত উপকাৰী বেক্টেৰিয়াৰ মাত্ৰা বৃদ্ধি কৰে৷ ফলত হজম শক্তি বৃদ্ধি পায়৷

[৯] অমিতা খালেও পেটফুলা বা বদহজমৰ সমস্যা কমে৷ অমিতাত পাপায়া নামৰ এবিধ এন্‌জাইম থাকে৷ এইবিধ এন্‌জাইমে হজম শক্তি বঢ়ায়৷ ফলত পেটফুলা সমস্যাৰ পৰা সকাহ পোৱা যায়৷

[১০] কেঁচা হালধি চোবাই খালেও পেটফুলা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ যদি কেঁচা হালধি খাবলৈ বেয়া পায় তেন্তে আদাৰ দৰে সৰু সৰুকৈ হালধি কাটি চাহ বনাই খাব পাৰে৷

[১১] এগিলাচ পানীৰ সৈতে আধা চামুচ ডালচিনিৰ গুৰি উতলাই খালেও পেটফুলা বা বদহজমৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷

[১২] জিৰাই পেটৰ গেছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে কাম কৰে৷ জিৰাত থকা পুষ্টিগুণসমূহে পাকস্থলীৰ এচিড নিয়ন্ত্ৰণ কৰি পেটফুলা বা পেটৰ বিষ নিৰাময় কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে৷ ইয়াৰ বাবে এগিলাচ পানীত সামান্য পৰিমাণৰ জিৰাগুৰি উতলাই ঠাণ্ডা কৰি খাওক৷

[১৩] তুলসী পাতত থকা এবিধ বিশেষ উপাদানে পেটফুলা আৰু বদহজমৰ সমস্যাৰ কমায়৷ তুলসীত ইউজিনল নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদানে পেটত এচিডৰ পৰিমাণ কমায়৷

[১৪] ডাবৰ পানীত উচ্ছ মাত্ৰাত পটাছিয়াম আৰু মেগনেছিয়াম থাকে৷ দৈনিক চাৰি বা ছয় ঘণ্টাৰ মূৰে মূৰে ডাবৰ পানী খোৱা কৰিলে পেটফুলা আৰু বদহজমৰ সমস্যা নাইকিয়া হয়৷

[১৫] কলত ভিটামিন-বি-৬, পটাছিয়াম আৰু ফলেট থাকে৷ এই পুষ্টিকৰ উপাদানসমূহে পেটফুলা, পেটৰ বিষ আৰু বদহজমৰ সমস্যা নাইকিয়া কৰে৷

You May Also Like

More From Author