কুকুৰে কামুৰিলে শীঘ্ৰে এইখিনি কৰক!

1 min read

মানুহৰ জীৱনত কেতিয়া কি দুৰ্ঘটনা ঘটে সেয়া আগতীয়াকৈ কোনেও ক’ব নোৱাৰে৷ সৰুৱেই হওক বা ডাঙৰেই হওক দুৰ্ঘটনা ঘৰতো ঘটিব পাৰে, নতুবা বাহিৰতো হ’ব পাৰে৷

ধৰি লওক, আপুনি খোজকাঢ়ি গৈ আছে৷ হঠাৎ পথৰ কুকুৰ এটাই আহি আপোনাক কামুৰি দিলে৷ এইটোও এটা অনাকাংক্ষিত দুৰ্ঘটনা৷ এনে ঘটনাৰ বাবে আগতীয়াকৈ কোনেও প্ৰস্তুত হৈ নাথাকে৷ কিন্তু কুকুৰে কামোৰাৰ চিকিৎসা সম্পৰ্কে আগতীয়াকৈ জানি থোৱা ভাল, যাতে ডাঙৰ কোনো বিপদৰ সন্মুখীন হ’বলগীয়া নহয়৷

কুকুৰে কামুৰিলে লগে লগে কেইটামান কাম কৰাটো জৰুৰী৷ কিয়নো কুকুৰে কামোৰাৰ ফলত ৰেবিছ নামৰ এবিধ জীৱাণু দেহত প্ৰৱেশ কৰে৷ ইয়াৰ ফলত জলাতংক ৰোগ হয়৷ প্ৰতিবছৰে সমগ্ৰ বিশ্বত হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটে জলাতংক ৰোগত৷ গতিকে কুকুৰে কামোৰাৰ ফলত যাতে এইবিধ ৰোগে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰা উচিত৷ উল্লেখ কৰা হ’ল কুকুৰে কামোৰাৰ লগে লগে কৰণীয়খিনি–

⬛যি ঠাইত কুকুৰে কামুৰিছে বা কুকুৰৰ দাঁত বহিছে দেহৰ সেই অংশ ভালদৰে ধুই পেলাওক৷ গৰম পানী ব্যৱহাৰ কৰিব পাৰিলে ভাল৷ গৰম পানীয়ে সকলোধৰণৰ জীৱাণু নাইকিয়া কৰে৷ পাৰিলে কুকুৰে কামোৰা স্থানত এণ্টিচেপ্টিক ব্যৱহাৰ কৰক৷ ইয়াৰ পাছত সেই অংশ বেণ্ডেজ কৰি ৰাখক৷

⬛ ঘৰত এণ্টিচেপ্টিক নাথাকিলে জালুকগুটিৰ গুড়ি লগাব পাৰে৷ অৱশ্যে জালুকগুটিৰ বিষ অসহনীয়৷ কিন্তু কুকুৰে কামোৰাৰ ফলত যি জীৱাণু কামোৰা অংশত থাকে সেয়া নষ্ট হয়৷

⬛ পিঁয়াজৰ ৰস, মৌ আৰু নিমখেৰে এবিধ পেষ্ট বনাই লওক৷ কুকুৰে কামোৰা অংশত সেই পেষ্টখিনি লগাই বেণ্ডেজ কৰি ৰাখক৷

⬛ ক্ষতস্থানত মিঠাতেলো লগাব পাৰে৷ মিঠাতেলত এণ্টি অক্সিডেণ্ট থাকে৷

⬛ আক্ৰান্ত স্থানত হালধি বটাও লগাব পাৰে৷ হালধিত থকা এণ্টিচেপ্টিক উপাদানে কুকুৰে কামোৰা স্থানৰ আশে-পাশে থকা জীৱাণু নষ্ট কৰে৷

এইখিনি কৰি উঠি ভুলতো ঘৰতে সোমাই নাথাকিব৷ যিমান পাৰে সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক৷

You May Also Like

More From Author