গেছভৰ্তি এলপিজি চিলিণ্ডাৰ ঘৰত কিমান দিন ৰাখিব পাৰি

1 min read
দীঘলীয়া সময়ৰ বাবে ক’ৰবালৈ গ’লে ঘৰতে থাকি যায় গেছভৰ্তি এলপিজি চিলিণ্ডাৰটো৷ এনেক্ষেত্ৰত প্ৰশ্নৰ উদয় হয় যে আমি কিমান দিন ঘৰত গেছভৰ্তি চিলিণ্ডাৰটো ৰাখিব পাৰো? বেছিদিন ৰাখিলে কোনো বিপদ নহয়তো? আজি এই বিষয়ে উল্লেখ কৰা হ’ল–  গেছভৰ্তি এলপিজি চিলিণ্ডাৰ এটা ঘৰত ৰাখি থোৱাত কোনো সমস্যা নাই৷ কিন্তু এইক্ষেত্ৰত কিছুমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে৷ উল্লেখ কৰা হ’ল এলপিজি চিলিণ্ডাৰ এটা কিমান দিনলৈ ঘৰত ৰাখিব পৰা যায়–
-বিশেষজ্ঞসকলৰ মতে এলপিজি চিলিণ্ডাৰটোৰ আয়ুসৰ কোনো সীমা নাই৷ কিন্তু মনত ৰাখিব লাগিব যে চিলিণ্ডাৰটোত থকা গেছৰ মান কেনেধৰণৰ৷ স্মৰ্তব্য যে প্ৰতিটো খালী গেছ চিলিণ্ডাৰ দহবছৰ পাছত পুনৰ মেৰামতি কৰা হয়৷ কিয়নো পুৰণি চিলিণ্ডাৰটোত মামৰে ধৰাৰ আশংকা থাকে৷ প্ৰতি দহ বছৰৰ মূৰে মূৰে চিলিণ্ডাৰটোৰ গুণ-মান পৰীক্ষা কৰা হয়৷ যদি চিলিণ্ডাৰটোৰ গুণ-মান ঠিকে থাকে তেন্তে তাত দীৰ্ঘসময় গেছ ভৰাই ৰাখিব পৰা যায়৷
-এলপিজি বা ৰন্ধন গেছ প্ৰধানতঃ প্ৰ’পেন আৰু বিউটেন গেছৰ দ্বাৰা  প্ৰস্তুত কৰা হয়৷ ইয়াত প্ৰধানতঃ মিথেন আৰু ইথেন গেছ থাকে৷  যিটো তুলনামূলকভাৱে পাতল গেছ বুলি বিবেচনা কৰা হয়৷ এলপিজিৰ কেল’ৰিফিক মান হৈছে ৯৪ এম জি/এম ৩ (২৬.১ কে ডব্লিউ এইছ/এম ৩)৷ য’ত প্ৰাকৃতিক গেছৰ (মিথেন) কেল’ৰিফিক মান হৈছে ৩৮ এম জি/ এম ৩ (১০.৬ কে ডব্লিউ এইছ/এম৩)৷ এলপিজি গেছৰ কেতিয়াও ক্ষয় বা নষ্ট নহয়৷ যাৰ বাবে ইয়াক দীৰ্ঘদিন ধৰি ৰাখিব পৰা যায়৷
-দীৰ্ঘদিন গেছভৰ্তি চিলিণ্ডাৰটো ভালে ৰাখিবলৈ হ’লে চিলিণ্ডাৰৰ পৰা ৰেগুলেটৰটো আঁতৰাই কেপ ছীল লগাই শুকান ঠাইত ৰাখিব লাগে৷ মনত ৰাখিব গেছভৰ্তি চিলিণ্ডাৰটো যি ঠাইত ৰখা হয়, তাৰ আশে-পাশে যেন জুইৰ শিখা বা পানী নাথাকে৷ ঘৰত এলপিজি চিলিণ্ডাৰটো ৰখাৰ ক্ষেত্ৰত এই ভুল কেতিয়াও নকৰিব৷
-প্ৰশ্ন হয় এলপিজিৰ ম্যাদ উকলি যোৱাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে নেকি? এই ক্ষেত্ৰত জানি থোৱা ভাল যে গেছ চিলিণ্ডাৰৰ বৰ্ম পৰীক্ষাৰ সময়কাল নিয়ম অনুসৰি পাঁচ বছৰৰ পৰা পোন্ধৰ বছৰ হ’ব পাৰে৷ অৱশ্যে মনত ৰাখিব যদিহে দীৰ্ঘসময় ধৰি গেছভৰ্তি চিলিণ্ডাৰটো ৰাখিব বিচাৰে তেন্তে চিলিণ্ডাৰটোত উল্লেখ থকা তাৰিখ পৰীক্ষা কৰি ল’ব৷

-এলপিজি গেছ চিলিণ্ডাৰ সম্পৰ্কীয় এক প্ৰতিবেদনত উল্লেখ কৰা মতে চিলিণ্ডাৰটোৰ মান যদি সঠিক থাকে তেন্তে ৩০ বছৰলৈকে  ইয়াত গেছ ৰাখিব পৰা যায়৷ কিন্তু বহু সময়ত পানীৰ বাবে চিলিণ্ডাৰটোৰ ভিতৰত অক্সিজেন থাকি যায়৷ ফলত ইয়াত মামৰে ধৰা আৰম্ভ কৰে৷ চিলিণ্ডাৰৰ ভিতৰত অক্সিজেন আৰু পানী নাথাকিলে, লগতে ঠাণ্ডা আৰু শুকান ঠাইত ৰাখিলে ই দীঘলীয়া সময় ধৰি অনিষ্ট নোহোৱাকৈ থাকে৷ আজি কালি বিভিন্ন দেশত এলুমিনিয়ামৰ চিলিণ্ডাৰ ব্যৱহাৰ হৈ আছে৷ এই চিলিণ্ডাৰ অধিক নিৰাপদ আৰু উন্নত৷

You May Also Like

More From Author