যৌন সম্পৰ্ক স্থাপনৰ কিছুমান অস্বস্তিকৰ মুহূৰ্তই সম্পৰ্কত আউল লগাইছে নেকি ? কি কৰিব এতিয়া ? বিশেষজ্ঞই ক’লে শুনক

1 min read

আপোনাৰ আশা-আকাংক্ষ্যাক লৈ আপুনি স্বাৰ্থপৰ হৈ পৰাটো যৌন সম্পৰ্ক স্থাপনৰ দৃষ্টিৰ পৰা কোনোপধ্যে স্বাস্থ্যকৰ অভ্যাস নহয় । বিচনাত কেতিয়াও, কোনেও নিজৰ জীৱন সংগী অথবা আপোনজনক অস্বস্তিকৰ অৱস্থাত পেলাব নালাগে লগতে নিজৰ সংগীগৰাকীক এনে কিছু দাবী কৰিব নালাগে, যি তেওঁ পূৰণ কৰিব নোৱাৰে। বিশেষজ্ঞা পল্লৱী বাৰ্নৱালে আগবঢ়াইছে এনে সমস্যাৰ পৰামৰ্শ।

মৌখিক যৌন সম্ভোগৰ সৈতে জড়িত যিকোনো দাবী পাৰস্পৰিকভাৱে সন্মতিৰ মাজেৰেহে হ’ব লাগে। পাহৰি যাব নালাগে যে এনে কাম দুয়োগৰাকী সংগীৰ ভোগৰ বাবেহে।

আপোনাৰ সংগীয়ে ভাল পায় নে বেয়া পায়? তেওঁ সেয়া কৰিবলৈ ঘৃণা জন্মে নেকি ? এইসমূহ নভৱাকৈ আপোনাৰ ভাল লাগে বাবেই তেওঁক সেই কাম কৰিবলৈ চাপ দিলে এয়া তেওঁৰ লগত অথবা তেওঁৰ সৈতে থকা সম্পৰ্কক অনাদাৰ কৰাহে বুজায়।

যদিহে প্ৰেমিকাৰ যৌনাংগৰ পৰা ওলোৱা তৰল পদাৰ্থকলৈ আপোনাৰ সমস্যা আছে আৰু আপুনি এনে কৰিব নিবিচাৰে তেন্তে আপুনি সেই কাম নকৰিব । আপুনি আপোনাৰ প্ৰেমিকাৰ সৈতে বহক আৰু তেওঁৰ সৈতে এই সম্পৰ্কত সমাধানৰ বাবে কিছু বাৰ্তালাপ কৰক।

এইটো গুৰুত্বপূৰ্ণ যে, যেতিয়া আপুনি আপোনাৰ সংগীৰ সৈতে কিবা বিশেষ কৰিব বিচাৰে তেন্তে দুয়োগৰাকীয়ে এই সম্পৰ্কত কিছু নিয়ম বনাওক, যি নিয়ম দুয়োয়ে পালন কৰিব পাৰে ।

আপোনালোক দুয়োগৰাকীয়ে এনে বিষয়ৰ সৈতে সঘনাই বাৰ্তালাপ কৰক। যিয়ে ইজনে আনজনক জানিবলৈ সুযোগ দিব আপুনি কি কৰিব বিচাৰে আৰু কি কৰিব নিবিচাৰে আৰু এয়া জনাটো অত্যন্ত জৰুৰী।

যিদৰে আপুনি আপোনাৰ প্ৰেমিকাক কেৱল আপুনি ভাল পোৱা এটা বিশেষ কাম কৰিবলৈ নিদিয়ে, যি তেওঁ ভাল নাপায়। ঠিক তেনেদৰে আপোনাৰ প্ৰেমিকাইয়ো আপোনাক এনে কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব, যি কেৱল তেওঁহে ভাল পায়।

আপুনি আপোনাৰ প্ৰেমিকাৰ সৈতে এই সম্পৰ্কত আলোচনা কৰক । আপুনি তেওঁক কওঁক যে, আপুনি তেওঁক বহুত ভাল পায় তেওঁৰ সৈতে অন্তংৰগ মুহূৰ্ত কটাইয়ো আপুনি ভাল পায়, কিন্তু এনে কিছুমান কথা আছে যিয়ে আপোনাক অস্বস্তিত পেলায়।

তেওঁৰ সৈতে আপোনাৰ এই বাৰ্তালাপক আৰু মধুৰ কৰি তুলিবলৈ তেওঁক কিবা মিঠা খুৱাওক। তেওঁক কওক, “মই তোমাক ভাল পাওঁ কিন্তু মই তোমাক ক’ব বিচাৰো…”। তেওঁক কওক যে তেওঁক সুখী কৰিবলৈ আপুনি আৰু বহুত কিবাকিবি কৰিব পাৰে |

You May Also Like

More From Author