নগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি…

1 min read

 

এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰৰ নতুন বজাৰত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷

৩৭ নং পুৰণি ৰাষ্ট্ৰীয় ঘাইপথৰে অতি দ্ৰুতগতিত অহা AS 23K 4407 নম্বৰৰ এখন বিলাসী বাহনে নতুন বজাৰৰ পথৰ কাষত ৰখাই থোৱা দুখন বাহনত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷

পিছত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

দুখনকৈ বাহন খুন্দা মাৰি বাগৰি পৰা বাহনখনৰ চালক আৰু আৰোহীয়ে অত্যাধিক মদ্যপান কৰি থকাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷

অৱশ্যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে বিলাসী বাহনখনৰ চালক আৰু আৰোহী কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

কিন্তু উত্তেজিত লোকে দুৰ্ঘটনা সংঘটিত কৰা বাহন খন ভাঙি ক্ষতিগ্ৰস্ত কৰে ৷

পিছত আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

You May Also Like

More From Author