নাজিৰাৰ এটা পথে জলাকলা খোৱাইছে সাধাৰণ জনতাক

1 min read

একৈশ শতিকাতো উন্নয়নৰ মুখ নেদেখা নাজিৰাৰ এটা পথে জলাকলা খুৱাইছে সাধাৰণ জনতাক । নাজিৰা মহকুমাৰ অন্তৰ্গত তথা বৰবৰুৱা পঞ্চায়তৰ অন্তৰ্গত হোলাঙকাটনী গাৱৰ মাজেৰে পাৰ হৈ যোৱা পকনিবাৰী পথটোৱে দৈনিক অহা যোৱা হয় বহুজনৰ । যোৱা কেইদিনত নাজিৰাৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এই পথটোত হোৱা বানপানীয়ে এক প্ৰকাৰৰ জমৰ যন্ত্ৰনা ভোগাইছে স্থানীয় ৰাইজক। গাওঁ খনৰ স্থানীয় ব্যক্তিৰ লগত আমাৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁলোকে কয় যে , কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত যদিও জনপ্ৰতিনিধি সকলৰ পথচোৱাৰে সঘন অহা যোৱা হয় আৰু ভোটৰ আশাত পথচোৱা নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে কিন্তু পৰৱৰ্তী সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হয় ।উল্লেখযোগ্য বিষয় যে নাজিৰা ন্যায়ালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগত থকা তথা নাজিৰা ৰেল ষ্টেচনৰ কাষতে থকা এই পথচোৱা নিৰ্মাণ নকৰাৰ লগতে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কোনো গুৰুত্ব আৰোপ নকৰাক লৈ জনসাধাৰণে দুৰ্ভোগ ভুগিছে । স্থানীয় ৰাইজৰ মতে অনাগত দিনত যদিহে জনপ্ৰতিনিধি তথা চৰকাৰে পথচোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনে ক্ষেত্ৰত অনাগত ২০২৪ ৰ নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জনৰ দৰে কাৰ্য্যসূচী ৰূপায়ন কৰিব ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

You May Also Like

More From Author