মাত্ৰ ১০০ টকা নিদিয়াৰ বাবেই টীয়কত সংঘটিত হ’ল এক লোমহৰ্ষক হত্যাকাণ্ড। যোৱা ২৪ জুন তাৰিখে টীয়ক কলিয়াপানী মুছলিম গাঁৱৰ নিবাসী বুলুকণ আলিক একে গাঁৱৰে বাবুল আলিৰ পৰিয়ালে ১০০ টকা বিচাৰিছিল। বুবুকণ আলিয়ে বিচৰা পইচা দিবলৈ অপাৰগ হোৱাত হতাহতি লগাত বাবুল আলিৰ পৰিয়ালৰ বাবু আলি, জিতুল আলি, বিতুল আলি আৰু চফীকা ৱেগম লগ হৈ কেঁচা বাঁহেৰে উপযুপৰি মাৰধৰ কৰে বুবুকণক। পৰিয়ালটোৰ ৫ জন লোকৰ পৰা প্ৰহৃত হোৱা বুবুকণ আলিক সংকটজনক অৱস্থাত টীয়ক FRU লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে বুবুকণ আলিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বুবুকণ আলিৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হোৱাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও আজি পুৱা বুবুকণ আলিৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকে টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।টীয়ক আৰক্ষী থানাত ১০৭/২৩ নম্বৰত গোচৰটি ৰুজু কৰি ঘটনাৰ সৈতে জড়িত তিনিজন লোকক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।ইপিনে বুবুকণৰ মৃত্যুৰ খবৰ পাই সমগ্ৰ অঞ্চলতে শোকৰ ছা পৰিছে আৰু প্ৰকৃত দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে আত্মীয়ই।
টীয়কত ১০০ টকাৰ বাবেই মৰিয়াই হত্যা এজনক; পুৰুষ, মহিলা, শিশু মিলি হত্যা কৰিলে যুৱকক
Posted on by GTM Desk
1 min read