জুবিনৰ নিচিনা 420 আৰু সুবিধাবাদী শিল্পী দেখা নাছিলো: দুলু আহমেদ

1 min read

অসম জাতীয় পৰিষদক (AJP) ‘ফটুৱা’ দল জুবিন গাৰ্গে (Zubeen Garg) কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে AJPৰ নেতা দুলু আহমেদে (Dulu Ahmed)। এটা ফেচবুক পোষ্টযোগে দুলু আহমেদে জুবিন গাৰ্গৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে। জুবিন গাৰ্গৰ নিচিনা ৪২০ আৰু সুবিধাবাদী শিল্পী দেখা নাছিলো বুলি মন্তব্য কৰে দুলু আহমেদে।

দুলু আহমেদে লিখিছে, ‘‘জুবিন গাৰ্গ ডাঙৰীয়া,আপোনাৰ নিচিনা ৪২০ আৰু সুবিধাবাদী শিল্পী মই দেখা নাছিলো, আপোনাৰ টকা থাকিব পাৰে, কিন্তু আপুনি মানুহৰ শাৰীত নপৰে। আপোনাৰ নিচিনা এগৰাকী আগশাৰীৰ সাংস্কৃতিক ৰাজনৈতিক দালাল সুৰাৰ নিচাত মাতাল হৈ আমাৰ দলৰ বিৰুদ্ধে মন্তব্য দিয়াৰ কোনো অধিকাৰ নাই। কা আন্দোলনত আপোনাৰ দুমুখীয়া স্থিতি অসমৰ ৰাইজে দেখিছে। আমাৰ দলৰ বিৰুদ্ধে এইটো বাক্য ক’ব আপোনাক মুখ্যমন্ত্ৰীয়ে কিমান টকা দিলে ৰাইজৰ আগত জনাব নেকি। আপোনাৰ নিচিনা দালাল শিল্পীয়ে এনেও দুটা টকাৰ বিনিময়ত যে পকপকাই থাকে সেই কথা আমিও বুজি পাওঁ।’’

উল্লেখযোগ্য যে কটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদক সমালোচনা কৰিছিল জুবিন গাৰ্গে। এসময়ত কা আন্দোলন কৰি পৰৱৰ্তী সময়ত ৰাজনৈতিক দল কৰিব যোৱাসকলৰ বিৰুদ্ধে সৰৱ হৈ উঠে জুবিন গাৰ্গ। অসম জাতীয় পৰিষদক ‘ফটুৱা’ পাৰ্টী বুলি কয় জুবিন গাৰ্গে।

জুবিনে কৈছিল, ‘‘আই এম এ ছচিঅ’ লেফটিষ্ট, বিজেপিও নহয়, কংগ্ৰেছো নহয়, এজিপিও নহয়। আৰু এটা কি ওলাইছিল নতুন যে ওলাইছিল, কি নাম, কিবা ফটুৱা পাৰ্টী এটা যে কি নাম… এজেপি…।’’ জুবিনৰ এই মন্তব্যৰ পিছতে সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ।

মঞ্চত প্ৰায় বিতৰ্কৰ সৃষ্টি কৰি কৰা জুবিন গাৰ্গে এইদৰে অসম জাতীয় পৰিষদক ফটুৱা পাৰ্টী বুলি মন্তব্য কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এসময়ত নিজে আন্দোলন কৰা জুবিন গাৰ্গে CAA আন্দোলনৰ পটভূমিত জন্ম হোৱা অসম জাতীয় পৰিষদ দলক এইদৰে কৰিলে উপলুঙা। একপ্ৰকাৰে জুবিন গাৰ্গৰ সমানে সমানে আন্দোলনত নামি পৰা AJP নেতা লুৰীণজ্যোতি গগৈকে আক্ৰমণৰ লক্ষ্য কৰি ল’লে জুবিনে। নিজকে ছ’চিয়েল লেফ্টিষ্ট আখ্যা দিয়া জুবিনে লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন দলটোক আক্ৰমণৰ লক্ষ্য কৰি লয়।

You May Also Like

More From Author