নমৰালৈকে অভিনয় কৰি যাম ! অভিনয় অবিহনে যতীন বৰাৰ অস্তিত্ব নাই

0 min read

বৰ্তমান সময়ত চৰ্চাত আছে আহিবলগীয়া অসমীয়া বোলছবি ৰাঘৱ । তাৰ মাজতেই নেটিজেনে যতীন বৰাক লৈ সামাজিক মাধ্যমত বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে । যতীন বৰাই “কা” আন্দোলনৰ সময়ত গ্ৰহণ কৰা স্থিতিক লৈ অসন্তুষ্ট বিভিন্নজন । আজি নলবাৰীৰ খুখুন্দিত লীগ নক আউট প্ৰতিযোগিতাৰ ফাইনেল খেল চাবলৈ আহিল ৰাঘৱৰ অভিনেতা যতীন বৰা আৰু অভিনেত্ৰী নিশিতা গোস্বামী ।
নতুন দেহৰ মৌজা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ভূৱনেশ্বৰ কলিতা সোঁৱৰণী নলবাৰী লীগ নক আউট প্ৰতিযোগিতাৰ ফাইনেল খেলখন টিহু স্প’ৰ্টছ ক্লাৱ আৰু বেলশৰ স্প’ৰ্টছ ক্লাৱৰ মাজত অনুষ্ঠিত হৈছিল ।উক্ত খেলখন উদ্ধোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । যতীন বৰাৰ নতুন ছবি ৰ‍াঘৱক লৈ এনেদৰে প্ৰমোচন কৰা দেখা গ’ল নলবাৰী খেলপথাৰত ।

You May Also Like

More From Author