ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ…

1 min read

লেইলা শেঠ, যিয়ে ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে ইতিহাস ৰচিছিল। লগতে এয়াও দেখুৱাই দিছিল যে ভাৰতীয় নাৰীযেও আইনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

লেইলা শেঠৰ জন্ম হৈছিল ১৯৩০ চনৰ ২০ অক্টোবৰত লক্ষ্ণৌ চহৰত।১১ বছৰ বয়সতে পিতৃক হেৰুৱাইছিল লেইলাই। তাৰপাছতেই লেইলাই সন্মুখীন গৈছিল আৰ্খিক সংকটৰ। আৰ্থিক সংগ্ৰামৰ পাছতো তেওঁ দাৰ্জিলিঙৰ লৰেটো কনভেন্টত শিক্ষা লাভ কৰিছিল।

স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত কলকাতাত ষ্টেনোগ্ৰাফাৰ হিচাপে কাম কৰিছিল লেইলাই। তাৰপাছতে জীৱনে এক অন্য গতি কৰিছিল লেইলাৰ।

কলকাতাত লেইলা শেঠে প্ৰেম শেঠ নামৰ এজন যুৱকক লগ পাইছিল। যাৰ লগত তেওঁৰ পাছলৈ বিবাহ হৈছিল। বিবাহৰ পাছত দম্পতীহাল লণ্ডনলৈ গৈছিল। তাৰপাছতেই লেইলাৰ আইনৰ প্ৰতি আগ্ৰহ জন্মিছিল। তাতেই আইনৰ শিক্ষা লৈছিল তেওঁ। লক্ষণীয়ভাৱে, ১৯৫৮ চনত ২৭ বছৰ বয়সত শেঠে লণ্ডন বাৰ পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰিছিল। এয়া তেওঁৰ বাবে অন্য এক সাফল্য আছিল।

ভাৰতলৈ উভতি অহাৰ পিছত লেইলা শেঠে পাটনাত তেওঁৰ আইনী যাত্ৰা আৰম্ভ কৰিছিল। বহু বাধাৰ সন্মুখীন হোৱাৰ পাছতো তেওঁ নিৰ্ভয়ে নিজৰ কাম কৰি গৈছিল। তাৰপাছত তেওঁ দিল্লীলৈ গৈছিল। সকলো বাধাৰ প্ৰাচীৰ ভাঙি লেইলাই ১৯৭৮ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে শপত লৈছিল। এই সাফল্যই ভাৰতীয় ন্যায়পালিকাত লেইলাৰ পথপ্ৰদৰ্শক ভূমিকাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছিল।

ইয়াতেই থমকি ৰোৱা নাছিল লেইলা। বিভিন্ন ক্ষেত্ৰত ওকালতি কৰিছিল লেইলাই। তেওঁ বিভিন্ন ন্যায়িক আৰু মানৱতাবাদী প্ৰতিষ্ঠানৰ অধ্যক্ষতা কৰিছিল। পৈতৃক সম্পত্তিত কন্যাসকলৰ বাবে সমান উত্তৰাধিকাৰ অধিকাৰৰ বাবে ওকালতি কৰিছিল আৰু এলজিবিটিকিউআইএ অধিকাৰৰ সমৰ্থন কৰিছিল। ইয়াৰোপৰি আৰু বিভিন্ন সমাজহিত দিশত লেইলাৰ প্ৰভাৱ আছিল।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ তেৰ বছৰ পিছত লেইলা শেঠে ১৯৯১ চনত মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁয়েই আছিল ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ। তেওঁৰ এই সাফল্য লিংগ সমতাৰ দিশত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছিল।

২০১৭ চনৰ ৫ মেত ৮৬ বছৰ বয়সক লেইলা শেঠৰ মৃত্যু হয়। কিন্তু সমাজত তেওঁৰ অৱদান স্মৰণীয় হৈ ৰ’ব।

You May Also Like

More From Author