অসমত বিলুপ্ত ঘটিব সকলো মহকুমা, মহকুমাৰ ঠাইত হ’ব উপ–জিলা, মুখ্যমন্ত্ৰীৰ ঘোষণা

0 min read

অসমত নাথাকে আৰু মহকুমা ৷ মহকুমাৰ বিলুপ্তিৰ বিপৰীতে আত্মপ্ৰকাশ ঘটিব উপজিলাৰ৷ মুখ্যমন্ত্ৰীয়ে খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ ভাষণত ঘোষণা কৰিলে এই কথা ৷ ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিলুপ্ত হোৱা চাৰি জিলা পুনৰ ঘূৰাই পোৱাত অতি কমেও লাগিব আৰু দুমাহ ৷
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে অসমৰ চাৰিখন জিলা বিলুপ্ত হৈছিল বিগত বৰ্ষৰ শেষৰটো দিনত৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ লগে লগে খবৰ ওলাইছিল বিলুপ্ত হোৱা বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালীয়ে পুনৰ জিলাৰ মৰ্যাদা লাভ কৰিব স্বাধীনতা দিৱসৰ দিনটোতে ৷ পিছে যিটো খবৰ শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছিল এই চাৰি অঞ্চলৰ ৰাইজে সেই খবৰটো শুনিবলৈ নাপালে মঙলবাৰে ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা চাৰিখন বিলুপ্তিৰ সময়ত কৰাৰ দৰেই সবিনয়েৰে আশ্বাস দিলে, অহা দুমাহৰ ভিতৰত পুনৰ জিলা হ’ব বিশ্বনাথ, হোজাই, তামুলপুৰ, বজালী৷ “সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিলুপ্ত হোৱা জিলাকেইখন সোনকালেই আমি ঘূৰাই দিব বিচাৰিছোঁ ৷ অহা দুমাহৰ ভিতৰত আমি ঘূৰাই দিব পাৰিম জিলাকেইখন ৷ চাৰি জিলাৰ ৰাইজক আশ্বাস দিলোঁ ৷” —মুখ্যমন্ত্ৰীয়ে কয়।

You May Also Like

More From Author