আজিৰ ৰাশিফল !আজি কি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে?

0 min read

মেষ ৰাশি

আপুনি আজি নিজৰ উগ্ৰ আচৰণ আৰু জেদ ভাৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। পৰিশ্ৰমৰ ফল নোপোৱাৰ ফলত নিৰাশ হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি সময় আপোনাৰ বাবে অনুকূল নহয়। সন্তানক লৈ চিন্তা থাকিব। নভৱা–নিচিন্তাকৈ কোনো কাম নকৰিব। চৰকাৰী কামত সফলতা।

বৃষ ৰাশি

আজি আপুনি বহুত আত্মবিশ্বাসী হৈ থাকিব। ইয়াৰ ফলত প্ৰতিটো কাম সহজতে কৰিব পাৰিব। বিদ্যাৰ্থীৰ পঢ়াত ৰুচি থাকিব। চৰকাৰী কামত সফলতা লাভ কৰিব। সন্তানৰ নামত ধন খৰচ হ’ব। শিল্পী আৰু খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব। আজি সম্পত্তি সম্পৰ্কীয় কোনো চুক্তি নকৰা ভাল।

মিথুন ৰাশি
সতেজতাৰে দিনটো আৰম্ভ হ’ব। আপোনাক ভাগ্যই সংগ দিব। চিন্তাৰ অস্থিৰতাৰ বাবে বিভ্ৰান্ত হ’ব পাৰে। নতুন কাম আৰম্ভ কৰিব পাৰিব। বন্ধু–আত্মীয় আৰু প্ৰতিবেশীৰ সৈতে সম্পৰ্ক সুন্দৰ হ’ব। ভাগ্যই সংগ দিয়াৰ ফলত বিত্তীয় লাভ হ’ব পাৰে।

কৰ্কট ৰাশি
আজি আপুনি কোনো কথাত ভীতিগ্ৰস্ত হৈ থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে মতভেদ হোৱাৰ আশংকা আছে। আপোনাৰ অভিমানে কাৰোবাৰ অন্তৰত দুখ দিব পাৰে। সেইবাবে আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক। বিদ্যাৰ্থীসকলে পঢ়াত মন দিব নোৱাৰিব। খৰচ অধিক হ’ব পাৰে। মন অসন্তুষ্ট হৈ থাকিব। ভুল কামৰ সৈতে জড়িত নহ’ব।
সিংহ ৰাশি
আপোনাৰ আত্মবিশ্বাস প্ৰবল হোৱা বাবে যিকোনো সিদ্ধান্ত শীঘ্ৰে ল’ব পাৰিব। ইয়াৰ ফলত আপোনাৰ প্ৰগতিৰ পথ সহজ হ’ব। মান–সন্মান বৃদ্ধি হ’ব। অৱশ্যে আপোনাৰ উগ্ৰ ব্যৱহাৰ আৰু কথাৰ বাবে কাৰোবাৰ সৈতে মতভেদ হ’ব পাৰে। পিতৃ বা বয়োজ্যেষ্ঠৰ পৰা লাভ হ’ব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। দাম্পত্য জীৱনত মধুৰতা আহিব। চৰকাৰী কাম–কাজত লাভ হ’ব।

কন্যা ৰাশি
আজি আপুনি চিন্তাত থাকিব। কাৰোবাৰ সৈতে বাদ–বিবাদ হোৱাৰ ফলত অপমান বোধ হ’ব পাৰে। হঠাৎ খৰচ বাঢ়িব পাৰে। বৈবাহিক জীৱনত মতভেদ হোৱাৰ আশংকা আচে। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হৈ থাকিব। আপোনাৰ অধীনৰ কৰ্মচাৰীৰ পৰা সমস্যা হ’ব পাৰে।
তুলা ৰাশি
আজি আপুনি কোনো শুভ ফল লাভ কৰিব পাৰে। প্ৰতি কামত ভাগ্যই সংগ দিব। বন্ধুক সাক্ষাৎ কৰাৰ সুযোগ পাব। ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ আনন্দ পাব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। সন্তান আৰু পত্নীৰ ফালৰ পৰা সুখ লাভ। বাণিজ্য বৃদ্ধি। বিবাহ যোগ্য জাতকৰ সম্পৰ্ক স্থিৰ হ’ব পাৰে।

বৃশ্চিক ৰাশি
এতিয়া আপুনি পাৰিবাৰিক জীৱনৰ বাস্তৱতাক বুজিব পাৰিব। ঘৰত সুখৰ পৰিৱেশ থাকিব। প্ৰত্যেক কামত সফলতা লাভ কৰিব। ব্যৱসায়ত ভাল সুযোগ পাব। আয় বৃদ্ধি হ’ব। চাকৰিত উন্নতি। বয়োজ্যেষ্ঠ তথা বিষয়াৰ ফালৰ পৰা সহায় আৰু উৎসাহ পাব। স্বাস্থ্য ভালে থাকিব। সন্তানক লৈ চিন্তামুক্ত হ’ব।

ধনু ৰাশি
আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। কামত উৎসাহ কম হ’ব। মানসিকভাৱে ভয় থাকিব। সন্তান সম্পৰ্কীয় সমস্যাই চিন্তিত কৰিব। চাকৰি তথা ব্যৱসায়ত কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে ভাবি চাওক। কামত নিৰ্ধাৰিত সফলতা লাভ নকৰাৰ ফলত নিৰাশ হ’ব পাৰে। বিৰোধীৰ সৈতে মদভেদ বাঢ়িব পাৰে।

মকৰ ৰাশি
আজি নকাৰাত্মক চিন্তাৰ পৰা দূৰত থাকক। কঠিন পৰিস্থিতিৰ পৰা বাহিৰলৈ ওলাবলৈ শান্ত স্বভাৱেৰে কাম কৰিব লাগিব। অংশীদাৰীৰ সৈতে মতভেদ হ’ব পাৰে। হঠাৎ ভ্ৰমণৰ যোগ। ধন খৰচ হ’ব। কোনো ধৰণৰ নতুন সম্পৰ্ক নকৰিব। খোৱা–লোৱাত গুৰুত্ব দিয়ক। অন্যথা স্বাস্থ্য বেয়া হ’ব পাৰে। চৰকাৰী কামত সফলতা লাভ কৰিব। হঠাৎ আৰ্থিক লাভ হ’ব পাৰে।

কুম্ভ ৰাশি
আজি আনন্দ–উৎসাহেৰে ভৰপূৰ হ’ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব। কামত সফলতা আহিব। কোনো প্ৰিয় ব্যক্তিৰ সৈতে সাক্ষাৎ হ’ব আরু ৰোমাঞ্চকৰ সময় কটাব পাৰিব। ভ্ৰমণলৈ যোৱা হ’ব পাৰে। সমাজত সন্মান বৃদ্ধি হ’ব। সুস্বাদু ভোজন, সুন্দৰ বস্ত্ৰ পৰিধানৰ সুবিধা পাব।

মীন ৰাশি
দৃঢ় মনোবল আৰু আত্মবিশ্বাসৰ বাবে কামত সফলতা আহিব। পৰিয়ালত সুখ–শান্তি থাকিব। আপোনাৰ খং কথা আৰু ব্যৱহাৰত প্ৰকাশ পাব। চাকৰি কৰাসকলে কৰ্মস্থলীত সন্মান লাভ কৰিব। বিৰোধীৰ বিৰুদ্ধে বিজয় হ’ব। শাৰীৰিক–মানসিক অৱস্থা ভাল।

You May Also Like

More From Author